এফ চি ভেলেঞ্চিয়া আৰু ৰিয়েল মাদ্ৰিদৰ মাজত অনুষ্ঠিত খেলত বৰ্ণ বৈষম্যৰ ফলত সৃষ্টি উত্তপ্ত পৰিস্থিতি
এফ চি ভেলেঞ্চিয়া আৰু ৰিয়েল মাদ্ৰিদৰ মাজত অনুষ্ঠিত খেলত বৰ্ণ বৈষম্যৰ ফলত সৃষ্টি উত্তপ্ত পৰিস্থিতি 
ক্রীড়া-জগত

প্ৰচণ্ড বৰ্ণ বৈষম্যই জোকাৰি গৈছে ফুটবল বিশ্ব, এইবাৰ লক্ষ্য ভিনিছিয়াছ জুনিয়ৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : ইউৰোপীয়ান দেশমসূহত বিশেষকৈ স্পেইন, জাৰ্মানী আৰু ইটালীত বৰ্ণ বৈষম্যৰ ইতিহাস নতুন নহয় । পূৰ্বৰে পৰাই প্ৰচণ্ড বৰ্ণ বৈষম্যৰ ঘটনাই ইউৰোপত স্থান লাভ কৰি অহাৰ মাজতেই এই নিকৃষ্ট মানসিকতাৰ ঘটনাৰ চিকাৰ হৈ আহিছে ফুটবল খেলুৱৈসকলো । ইয়াৰ বাবেই যৱণিকা পৰিছিল সম্ভৱনাময় ইটালীয়ান ফুটবল খেলুৱৈ মাৰিঅ' বালাট'লীৰ কেৰিয়াৰ । একেই বৰ্ণ বৈষম্যৰ চিকাৰ হৈছিল পেলে, পল পগবা, অ'জিল আদিৰ দৰে খেলুৱৈও । মূলত: কৃষ্ণাংগ আৰু মুছলমান সম্প্ৰদায়ৰ খেলুৱৈসকলে সন্মুখীন হৈ অহা এই ভুক্তভোগীৰ তালিকা অতি দীঘল । আনহাতে, কেৱল দৰ্শকেই নহয় বৰং বহু খেলুৱৈ নিজেও বৰ্ণ বৈষম্যৰ ধ্বজাবাহক । যাৰ ফলতেই এই সমস্যাৰ সমাধান আজিকোপতি সম্ভৱ হৈ উঠা নাই ।

এইবাৰ তেনে এক ঘটনাই ঘটিল ব্ৰাজিলৰ খেলুৱৈ ভিনিছিয়াছ জুনিয়ৰ (Vinicius Junior) ৰ সৈতে । স্পেনিছ লীগ লা লীগাৰ এক মেছত বিগত ২১ মে'ত ৰিয়েল মাদ্ৰিদৰ হৈ খেলপথাৰত অৱতীৰ্ণ হৈছিল ভিনি জুনিয়ৰ । ভেলেঞ্চিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা ৰিয়েল মাদ্ৰিদৰ খেলুৱৈ গৰাকীয়ে খেলৰ মাজতেই ষ্টেণ্ডৰ পৰা দৰ্শকে তেওঁক উদ্দেশ্যি কৰা বৰ্ণ বৈষম্যমূলক মন্তব্যৰ পাছতেই সৰৱ হৈ পৰিছিল । যাৰ বাবে সমগ্ৰ মেচখন কিছু সময়ৰ বাবে স্তব্ধও কৰি ৰাখিব লগীয়া হৈছিল । দুৰ্ভাগ্যবশত: ভেলেঞ্চিয়াৰ গ'লৰক্ষক জি. মামাৰ্দশ্বভিয়েও এই কাৰ্যত ভিনিছিয়াছৰ বিপৰীতে হে পক্ষ গ্ৰহণ কৰা দেখা গৈছিল । দৰ্শক আৰু প্ৰতিপক্ষৰ খেলুৱৈৰ বিদ্বেষজনক মন্তব্যৰ পাছতেই উত্তপ্ত পৰিস্থিতি শান্ত কৰিবলৈ গৈ ৰেফাৰীয়েও ৰেড কাৰ্ড ভিনিছিয়াছক হে দেখুৱাব লগীয়াত পৰিছিল ।

মেচখনত পৰৱৰ্তী সময়ত ভেলেঞ্চিয়াই জয় লাভ কৰিলেও এই বাতৰি সমগ্ৰ বিশ্বত বিয়পি পৰিবলৈ বৰ বিশেষ সময়ৰ প্ৰয়োজন নহ'ল । তৎক্ষণাৎ সমগ্ৰ বিশ্ব জাঙুৰ খাই উঠিল ভিনিছিয়াছৰ সমৰ্থনত । সৰৱ হৈ পৰিল খ্যাত-প্ৰখ্যাত খেলুৱৈসকল । ৰিয়েল মাদ্ৰিদে পৰৱৰ্তী সময়ত ভিনিছিয়াছৰ জাৰ্ছী পিন্ধি নামিল খেলপথাৰত । আনকি ব্ৰাজিলৰ বিখ্যাত ৰিঅ' ডি জেনেৰিঅ'ৰ যীশুখ্ৰীষ্টৰ মূৰ্তি, যি পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু সেই মূৰ্তি আন্ধাৰ কৰি থোৱা হ'ল এদিনৰ বাবে ।

কেৱল মাত্ৰ ২২ বছৰ বয়স ভিনিছিয়াছ জুনিয়ৰৰ । বৰ্তমান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ লেফট ৱিংগ খেলুৱৈৰূপে জনাজাত কেৱল ২২ বছৰ বয়সতেই বৰ্ণ বৈষম্যৰ দৰে হতাশগ্ৰস্ত কাৰ্যকলাপে নিশচয়কৈ ঋণাত্মক প্ৰভাৱ পেলাব খেলুৱৈগৰাকীৰ ওপৰত । ফুটবলৰ দৰে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এটি খেল কাহানিও মুক্ত হ'ব নে বৰ্ণ বৈষম্যৰ দৰে নিকৃষ্ট অপবাদৰ পৰা ?