ক্রীড়া-জগত

ভাৰতীয় ক্ৰিকেটাৰ ৰবিন্দ্ৰ জাডেজা আৰু পুনম যাদৱলৈ অৰ্জুন বঁটা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ ১৯ গৰাকী খেলুৱৈৰ নাম মনোনিত কৰা হৈছে অৰ্জুন বঁটাৰ বাবে। শনিবাৰে ঘোষণা কৰা এই বঁটাৰ বাবে মনোনিত কৰা হৈছে ভাৰতীয় ক্ৰিকেটাৰ ৰবিন্দ্ৰ জাডেজাক। ইফালে তেওঁৰ লগতে মনোনিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ পুনম যাদৱ।

এই বঁটাৰ বাবে মনোনিত হোৱা আন কেইগৰাকীমান খেলুৱৈ হৈছে তেজিন্দৰ পাল সিং টুৰ, মহম্মদ আনাছ, স্বপ্না বৰ্মন, গুৰপ্ৰীত সিং সন্ধু, সিংলেনচানা সিং কাঙ্গুজাম আৰু অঞ্জুম মৌদগিল। অৰ্জুন বঁটাৰ বাবে ৪গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম প্ৰেৰণ কৰিছিল বিচিচিআই-য়ে। তাৰ ভিতৰত মনোনিত হ'ল ৰবিন্দ্ৰ জাডেজা আৰু পুনম যাদৱ। নাম প্ৰেৰণ কৰা আন খেলুৱৈ কেইজন হৈছে- মহম্মদ শ্বামী আৰু যশপ্ৰীত বুমৰাহ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে এই বঁটা প্ৰদান কৰে। ২০১৮ চনত ক্ৰিকেটৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ খেলুৱৈগৰাকী আছিল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনাৰ স্মৃতি মানধনা।