ক্রীড়া-জগত

নিজতকৈ ২০ বছৰ সৰু অভিনেত্ৰীৰ প্ৰেমত মচগুল ৰবি শাস্ত্ৰী

asomiyapratidin

ডিজিটেল ডেস্কঃ আকৌ প্ৰেমত পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ 'হেড ছাৰ'। বিষয়টোৱে ইতিমধ্যে দেশৰ সংবাদ মাধ্যমত তোলপাৰ লগাইছে। পিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ এই প্ৰণয় প্ৰাৰ্থীগৰাকীনো কোন?

বাতৰি অনুযায়ী এবছৰ-দুবছৰ নহয় যোৱা ৪বছৰ ধৰি গোপনে বলীউডৰ এগৰাকী অভিনেত্ৰীৰ সৈতে ডেটিং চলি আছে শাস্ত্ৰীৰ। অৱশ্যে এই সন্দৰ্ভত দুয়ো পক্ষৰ কোনো এটা পক্ষয়ো মুখ খোলা নাই।

পত্নী ৰিতুৰ সৈতে বিবাহ বিচ্ছেদৰ পিছৰে পৰা শাস্ত্ৰীয়ে সম্পৰ্ক ৰক্ষা কৰি অহা বলীউডৰ এইগৰাকী অভিনেত্ৰীৰ নাম নিমৰত কৌৰ। ইৰফান খানৰ সৈতে 'লাঞ্চ বক্স' ছবিত অভিনয় কৰি চৰ্চালৈ অহা নিমৰতে পৰৱৰ্তী সময়ত অক্ষয় কুমাৰৰ সৈতে 'এয়াৰলিফ্ট'ত ভুমূকি মাৰে। ইয়াৰ পিছতে বলীউডত এটি পৰিচিত নাম হৈ পৰে নিমৰত।

কিছু বছৰ পূৰ্বে জাৰ্মান গাড়ী নিৰ্মাণকাৰী সংস্থা এটাই আয়োজন কৰা এক অনুষ্ঠানত দুয়োজনৰে প্ৰথম দেখা-সাক্ষাৎ হৈছিল। সেই দিনটোতে চাৰি চকুৰ মিলন ঘটে শাস্ত্ৰী-নিমৰতৰ।

সংবাদ মাধ্যম তথা বলীউড আৰু ক্ৰিকেট মহল সৰ্বত্ৰে এই লৈ চৰ্চা চলিলেও এতিয়াও সম্পৰ্কৰ কথা গোপনে ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে শাস্ত্ৰী আৰু নিমৰতে। সম্প্ৰতি ভাৰতীয় দলৰ সৈতে ইংলেণ্ডত ব্যস্ত আছে শাস্ত্ৰী। বিপৰীতে ৱেব ছিৰিজ আৰু চিনেমাৰ শ্বুটিঙত ব্যস্ত হৈ আছে নিমৰত।

শাস্ত্ৰী আৰু নিমৰতক লৈ যোৱা দুদিনত ভিন্নজনে ভিন্ন মত পোষণ কৰিছে যদিও সকলোতকৈ অধিক চৰ্চা লাভ কৰিছে দুয়োৰে মাজৰ বয়সৰ ব্যৱধানে। উল্লেখ্য যে ৰবি শাস্ত্ৰীতকৈ ২০ বছৰ সৰু নিমৰত। হ'লেও বয়স কিন্তু তেওঁলোকৰ প্ৰেমত এই মুহূৰ্তলৈকে কোনো বাধা হৈ পৰা নাই।