ক্রীড়া-জগত

১২ লাখ টকাৰ জৰিমনা ৰাজস্থান ৰয়েলচৰ অধিনায়ক ষ্টিভ স্মিথক

asomiyapratidin

ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলচৰ অধিনায়ক ষ্টিভ স্মিথক ১২ লাখ টকাৰ জৰিমনা বিহিছে । মঙলবাৰে ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত খেল খনত শ্ল' অভাৰ ৰেটৰ বাবে এই জৰিমনা বিহা হয়।

খেল খনৰ ২০ অভাৰ শেষ কৰিবলৈ নিৰ্ধাৰিত সময়তকৈ অত্যাধিক সময় ব্যৱহাৰ কৰিছ্ল অধিনায়ক স্মিথে সেয়ে জৰিমনা বিহা হয় অধিনায়ক গৰাকীক । ইপিনে খেলখনত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক ৫৭ ৰাণত পৰাজিত কৰে ।