ক্রীড়া-জগত

মুখ্যমন্ত্ৰীৰ ঘোষণাঃ এইবাৰেই শেষ, মই আৰু নিৰ্বাচন নেখেলো…

asomiyapratidin

ডিজিটেল ডেস্কঃ মই আৰু নিৰ্বাচন নেখেলো, এয়াই মোৰ ৰাজনৈতিক জীৱনৰ শেষৰটো নিৰ্বাচন। বৃহস্পতিবাৰে এখন প্ৰচাৰ সভাত এই বৃহত ঘোষণাটো কৰিলে বিহাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বিহাৰৰ পুৰ্ণিয়া সমষ্টিত এখন নিৰ্বাচনী সভাত নীতিশ কুমাৰে জনতাৰ পৰা নিজ দলৰ প্ৰাৰ্থীৰ বাবে ভোট খুজি কয়,- শেষ ভালেই সকলো ভাল। এতিয়া আপোনালোকে কওঁক এইবাৰ ভোট দিবনে জে ডি ইউৰ প্ৰাৰ্থীক?

উল্লেখ্য যে, নীতিশ কুমাৰৰ এই ঘোষণাক এক নিৰ্বাচনী ষ্ট্ৰান্ট আখ্যা দিছে বিৰোধীয়ে। জনতাক আৱেগিক কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ষড়যন্ত্ৰ ৰচিছে বুলি তীব্ৰ কটাক্ষ কৰিছে বিৰোধী দলৰ নেতা-কৰ্মীয়ে।