ক্রীড়া-জগত

জৰ্জ খেলপথাৰত আজিৰে পৰা আৰম্ভ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীন ফুটবল প্ৰতিযোগিতা

asomiyapratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ জৰ্জ খেলপথাৰত ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাৱৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীন ফুটবল প্ৰতিযোগিতা৷ দিনৰ দুই বজাত উদ্যোক্তা ইউ বি চি আৰু দুলীয়াজানৰ অইল একাদশৰ প্ৰাক্তন খেলুৱৈসকলৰ মাজত অনুষ্ঠিত হোৱা এখন খেলেৰে আৰম্ভ হয় এই প্ৰতিযোগিতা৷

বিয়লি ৫ বজাত বৰ্ণাঢ্য উদ্বোধনী সমাৰোহ অনুষ্ঠিত হ'ব৷ য'ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ভাৰতৰ প্ৰাক্তন ফুটবল অধিনায়ক বাইচুং ভুটীয়া আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ বিয়লি খেলখন অনুষ্ঠিত হ'ব লতাশিল মেট্ৰ' ফুটবল একাদশ আৰু কোকৰাঝাৰ দলৰ মাজত৷

উদ্যোক্তাই জানিবলৈ দিয়া মতে, এই প্ৰতিযোগিতাখনত ভাগ ল'বলৈ ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে বাংলাদেশ আৰু নেপালৰ ফুটবল দল৷ আজিৰ ৫ বজাৰ উদ্বোধনী সভাত ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বাংলাদেশৰ গুৱাহাটীত থকা হাই কমিছনাৰ ড০ শ্বাহ মহম্মদ তনভীৰ মনচুৰো উপস্থিত থকাৰ কথা৷

এইবাৰ বিদেশী দলবোৰৰ মাজত ভূটানৰ উপৰি নেপালৰ ৰাষ্ট্ৰীয় দলটোত কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈৰে গঢ়া চি এম চি ক্লাৱ অন্যতম৷ আজি মূল মেছৰ আগতে জুৱিন গাৰ্গ একাদশ আৰু মিডিয়া একাদশৰ মাজত এখন প্ৰীতি খেলো অনুষ্ঠিত হ'ব৷ উল্লেখ্য যে, এই প্ৰতিযোগিতাত যোৱাবছৰ চেম্পিয়ন মণিপুৰকে ধৰি মুঠ ১২টা দলে অংশগ্ৰহণ কৰিব৷