ক্রীড়া-জগত

মালয়েছিয়াত ব্ৰঞ্জ জয় অসমৰ পখিলাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আহিছে আন এটা সু-খবৰ। এই সু-খবৰ আহিছে মালয়েছিয়াৰ পৰা। মালয়েছিয়াত ব্ৰঞ্জ জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে পখিলা ইংতিপিয়ে।

দেশখনৰ পেনাঙত অনু্ষ্ঠিত এছিয়া পেচিফিক মাষ্টাৰ্ছৰ ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জ জয় কৰে অসমৰ কাৰ্বি আংলং জিলাৰ পখিলাই। জিলাখনৰ ডিফুৰ পখিলাৰ সাফল্যই সকলোকে উৎফুল্লিত কৰি তুলিছে।