ক্রীড়া-জগত

২০৩২ত ভাৰতত অলিম্পিক!

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০৩২ চনৰ অলিম্পিক অনুষ্ঠিত হ'ব পাৰে ভাৰতত৷ এই সম্ভাৱনা এতিয়া প্ৰকাশ পাইছে৷ এই সম্পৰ্কে ইতিমধ্যেই ভাৰতীয় অলিম্পিক সংস্থাই আন্তৰ্জাতিক অলিম্পিক কমিটি (আই অ' চি)ৰ ওচৰত আবেদন দাখিল কৰিছে৷ ইফালে ভাৰতত অলিম্পিক আয়োজনৰ বাবে চৰকাৰৰ ওচৰতো আবেদন জনাইছে ভাৰতীয় অলিম্পিক সংস্থাই৷

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰত ভ্ৰমণলৈ আহিছিল আন্তৰ্জাতিক অলিম্পিক কমিটিৰ অধ্যক্ষ টমাছ বাখ৷ সেই সময়ত ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ নৰেন্দৰ বাট্ৰাই তেওঁক সাক্ষাৎ কৰি ২০৩২ চনত ভাৰতত অলিম্পিক আয়োজনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল৷ স্বাভাৱিকতেই ভাৰতীয় অলিম্পিক সংস্থাৰ এই আগ্ৰহক স্বাগতম জনাইছিল আন্তৰ্জাতিক অলিম্পিক সংস্থাই৷

জানিব পৰা মতে, ২০৩২ চনৰ অলিম্পিক আয়োজনৰ বাবে হোৱা নিলামত অংশ লোৱাৰ বাবে ইতিমধ্যে আই অ' চিৰ ওচৰত ভাৰতীয় অলিম্পিক সংস্থাই আবেদন দাখিল কৰিছে৷ তদুপৰি এই সন্দৰ্ভত চলিত মাহৰ আৰম্ভণিতে ট'কিঅত অনুষ্ঠিত হোৱা আই অ' চিৰ ৩ সদস্যৰ নিলাম কমিটিৰ এক বৈঠকতো অংশ লয় ভাৰতীয় অলিম্পিক সংস্থাৰ মহা সচিব ৰাজীৱ মেহতাই৷

ইফালে অলিম্পিক আয়োজনৰ চহৰ হিচাপে দিল্লী আৰু মুম্বাইক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ ইয়াৰ বিপৰীতে দেশৰ অন্য চহৰ সমূহতো অলিম্পিকৰ খেল অনুষ্ঠিত কৰাৰ বিষয়েও চিন্তা চৰ্চা কৰা হৈছে৷ এই সন্দৰ্ভত ৰাজীৱ মেহতাই কয়- 'প্ৰথমতে দেশত অলিম্পিক আয়োজনৰ বাবে আবেদন কৰা হৈছে৷ ইয়াৰ পিছতহে কোন চহৰত খেল অনুষ্ঠিত হ'ব সেয়া জনাব পৰা যাব৷'