নতুন ৰেকৰ্ডঃ নীৰজ চোপ্ৰাঃ বিশ্বৰ ১ নং স্থানত উপনীত হ'ল ভাৰতৰ গ'ল্ডেন বয়...
নতুন ৰেকৰ্ডঃ নীৰজ চোপ্ৰাঃ বিশ্বৰ ১ নং স্থানত উপনীত হ'ল ভাৰতৰ গ'ল্ডেন বয়... 
ক্রীড়া-জগত

নতুন ৰেকৰ্ডঃ নীৰজ চোপ্ৰাঃ বিশ্বৰ ১ নং স্থানত উপনীত হ'ল ভাৰতৰ গ'ল্ডেন বয়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ ১ নং স্থানৰ জেভলীন থ্ৰ'ৱাৰ হোৱাৰ গৌৰৱৰ অধিকাৰী হ'ল অলিম্পিক স্বৰ্ণজয়ী জেভলীন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰা। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা।

টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা নীৰজে বিশ্বৰ ১ নং স্থানৰ জেভলীন থ্ৰ'ৱাৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পুনৰ আন এক ইতিহাস সৃষ্টি কৰিলে।

এই কৃতিত্ব অৰ্জন কৰাৰ ক্ষেত্ৰত নীৰজে বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। সোমবাৰে প্ৰকাশিত বিশ্ব এথলেটিকছ সংস্থাৰ ৰেংকিঙত নীৰজে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছতকৈ ২২ পইণ্ট অধিক প্ৰাপ্তিৰে এই স্থান দখল কৰিছে।

ৰেংকিং তালিকাত উল্লেখ কৰা পইণ্ট অনুসৰি নীৰজে অৰ্জন কৰিছে সৰ্বাধিক ১৪৫৫ পইণ্ট। আনহাতে বিশ্বচেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে লাভ কৰিছে ১৪৩৩ পইণ্ট।

উল্লেখ্য যে নীৰজ চোপ্ৰাই এই বছৰ ডোহাত অনুষ্ঠিত ডায়মণ্ড লীগত ৮৮.৬৭ মিটাৰ থ্ৰ'ৰে সোণৰ পদক জয় কৰিছিল। তেওঁ অহা মাহৰ আৰম্ভণিতে নেডাৰলেণ্ডত উপস্থিত হৈ ১৩ জুনত আন এখন প্ৰতিযোগিতাত নামিব।

টকিঅ' অলিম্পিকত স্বৰ্ণ পদক জয় কৰাৰ পিছত, নীৰজে ২০২২ ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰিছিল। অৱশ্যে, আঘাতৰ বাবে তেওঁ কমনৱেলথ গেমছত খেলিব নোৱাৰিলে।