ক্রীড়া-জগত

পুনৰ আই পি এলত দেখা পাব ধোনীক, বিমান বন্দৰত জনালে উষ্ম আদৰণি… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত কেইবাদিনো ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থকা মহেন্দ্ৰ সিং ধোনীক শীঘ্ৰেই দেখা পোৱা যাব আই পি এলত। যাৰ বাবে খেলুৱৈগৰাকী ইতিমধ্যে আহি উপস্থিত হৈছেহি চেন্নাইত। ইণ্ডিয়ান প্ৰেমিয়াৰ লীগ চমুকৈ আই পি এল ২০২০ আৰম্ভ হ'ব অহা ২৯ মাৰ্চৰ পৰা। আৰু এই টুৰ্ণামেন্টত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হৈ খেলিব ধোনীয়ে।

https://www.instagram.com/p/B9NU1s2AnKS/?utm_source=ig_embed

চেন্নাই বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতেই তেওঁক উষ্ম আদৰণি জনোৱা হয়। আৰু মঙলবাৰৰ পৰাই আই পি এলৰ বাবে তেওঁ অনুশীলনো আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। ইফালে, মহেন্দ্ৰ সিং ধোনীৰ ঘনিষ্ঠ স্বপ্না ভাৱনানীয়ে টুইটাৰত লিখিছে- 'মোৰ বন্ধু তোমাক আই পি এলত খেলি থকা চাবলৈ পাই বহুত সুখী হম। চেন্নাই আমি আহি আছো।'

https://www.instagram.com/p/B9MYgbbBmR-/?utm_source=ig_embed

আনহাতে, চেন্নাই ছুপাৰ কিংছ কেম্পত ইতিমধ্যে যোগদান কৰিছেহি এ ৰাইডু, মনু সিং, পীয়ুষ চাৱলা, সুৰেশ ৰাইনাই। উল্লেখযোগ্য যে, ইংলেণ্ডত ২০১৯ৰ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰূপে খেলাৰ পাছৰেই পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছিল ৩৮ বছৰীয়া এই খেলুৱৈগৰাকী।