ক্রীড়া-জগত

বিৰাট কোহলীৰ টুইটেই কাল হ’ল! ধোনীৰ অৱসৰৰ কথা বিয়পি গল…

asomiyapratidin

ডিজিটেল ডেস্কঃ বহুদিনৰে পৰা চৰ্চা হৈ থকা মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ বিষয়টো বৃহস্পতিবাৰে হঠাৎ ছচিয়েল মিডিয়াত পুনৰ ট্ৰেণ্ডলৈ আহিল। টাইম লাইনত দেখা গল কেৱল ধোনীৰ অৱসৰ লৈ কৰা নিজা মতামত। একাংশই বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত ধোনীয়ে সংবাদমেলৰ জৰিয়তে অৱসৰ কথা ঘোষণা কৰিব বুলিও প্ৰচাৰ চলালে। কিন্তু দৰাচলতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে সচাঁকৈয়ে অৱসৰৰ কথা ভাৱিছেনে! এই সন্দৰ্ভত মুখ খুলিয়ে ভাৰতীয় ক্ৰিকেট টীমৰ মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদে।

বৃহস্পতিবাৰে এম এছ কে প্ৰসাদে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হবলগা ৩ দিনীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতৰ ১৫ জনীয়া দলটো ঘোষণা কৰি ধোনীৰ অৱসৰৰ সন্দৰ্ভত কয় যে- ধোনীক লৈ চৰ্চা হোৱা এই বিষয় অমূলক। ধোনীয়ে অৱসৰৰ সন্দৰ্ভত বৰ্তমানৰলৈকে কোনো চিন্তা কৰা নাই, এই খবৰ ভিত্তিহীন।

চছিয়েল মিডিয়াত ধোনীৰ অৱসৰৰ বিষয়টো অধিকভাৱে বিয়পি পৰাৰ আন এটা কাৰণ হল বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে মহেন্দ্ৰ সিং ধোনীৰ সৈতে ক্ৰীজত থকা এখন ফটো আপলোড কৰিছিল টুইটাৰত। ফটোখনত কোহলীয়ে লিখিছিল যে- A game I can never forget. Special night. This man, made me run like in a fitness test @msdhoni।এই টুইটটোৰ পাছতে ছচিয়েল মিডিয়াত বিয়পি পৰিছিল যে বৃহস্পতিবাৰে ক্ৰিকেটক বিদায় দিব মহেন্দ্ৰ সিং ধোনীয়ে।