ক্রীড়া-জগত

এছিয়ান গেমছলৈ নাযায় ভাৰোত্তোলক মীৰাবাই চানু!

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক দুঃখবৰ। অহা ১৮ আগষ্টৰ পৰা ২ ডিচেম্বৰৰ লৈকে ইণ্ডোনেছিয়াৰ জাৰ্কাটা আৰু পালেম্বোগ চহৰত অনুষ্ঠিত হ'ব লগা এছিয়ান গেমছত ভাগ ল'ব নোৱাৰিব বিশ্ব চেম্পিয়ন ভাৰোত্তোলক মীৰাবাই চানুয়ে। পিঠিৰ বিষৰ বাবে খেলুৱৈগৰাকীয়ে এই প্ৰতিযোগিতাৰ পৰা আতৰি থাকিব লাগিব।

ইতিমধ্যে তেওঁ ভাৰতীয় ভাৰত্তোলক সংস্থাক পত্ৰৰ যোগেদি এই কথা জনাইছে। অৱশ্যে তেওঁ জনায় যে, অহা নৱেম্বৰ মাহৰ পৰা হ'ব লগা অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী খেলৰ বাবে তেওঁ নিজকে প্ৰস্তুত কৰাত ব্যস্ত থাকিব।

উল্লেখযোগ্য যে, মনিপুৰৰ এই খেলুৱৈগৰাকীয়ে যোৱা বছৰৰ নৱেম্বৰত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ৪৮ কিঃগ্ৰাঃ শাখাত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিছিল।