ক্রীড়া-জগত

মেছিৰ আগত ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীৰ আন এক সাফল্য। ষষ্ঠবাৰলৈ ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে ঘোষণা কৰিছে বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান।

উল্লেখ্য যে, ৩৪ বছৰীয়া ভাৰতীয় ফুটবল দলৰ অধিনায়কজনে ২০০৭, ২০১১, ২০১৩, ২০১৪ আৰু ২০১৭ চনতো এই সন্মান লাভ কৰিছিল । ভাৰতৰ হৈ ৭০টা গ'ল কৰিবলৈ সক্ষম হৈছে সুনীল ছেত্ৰীয়ে ।বিশ্ব ফুটবলত সৰ্বাধিক গ'ল কৰা খেলুৱৈৰ তালিকাত ছেত্ৰীৰ স্থান দ্বিতীয়। প্ৰথম স্থানত আছে ৰনাল্ডো আৰু তৃতীয় স্থানত আছে মেছি।

আনহাতে, ২০১৮–১৯ বৰ্ষৰ শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে আশালতা দেৱীলৈ । ২০১৮–১৯ বৰ্ষৰ এমাৰ্জিং পুৰুষ ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে আব্দুল ছামাদলৈ। ২০১৮–১৯ বৰ্ষৰ মহিলা এমাৰ্জিং প্লেয়াৰৰ সন্মান দাংমেই গ্ৰেচলৈ আগবঢ়োৱা হৈছে।