ক্রীড়া-জগত

#MeToo: এইবাৰ নিৰ্যাতনকাৰীৰ বিৰুদ্ধে সৰৱ শ্বাটলাৰ জ্বালা গুট্টা

asomiyapratidin

ডিজিটেল ডেস্কঃ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিৰোধিতা কৰি সমগ্ৰ দেশ জুৰি চলা #MeToo অভিযানত অংশ লৈ ইতিমধ্যে দেশৰ কেইবাগৰাকীও জনপ্রিয় অভিনেত্ৰী তাৰকাই তেওঁলোকে সন্মুখীন হোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কাহিনী বিনা দ্বিধাই প্ৰকাশ কৰিছে। শেহতীয়াকৈ #MeToo অভিযানৰ প্ৰভাৱ দেশৰ খেল জগততো পৰা পৰিলক্ষিত হৈছে।

মঙলবাৰে দেশৰ অন্যতম মহিলা খেলুৱৈ জ্বালা গুট্টাই তেওঁৰ ওপৰত হোৱা নিৰ্যাতনৰ কাহিনী টুইটাৰ যোগে প্ৰকাশ কৰে। অৱশ্যে ৩৫ বৰ্ষীয় খেলুৱৈগৰাকীয়ে শাৰীৰিক নিৰ্যাতনৰ বিপৰীতে তেওঁৰ ওপৰত মানসিক নিৰ্যাতন চলোৱা বুলিহে সদৰী কৰে।

নিৰ্যাতনৰ কাহিনী টুইটাৰত প্ৰকাশ কৰি জ্বালা গুট্টাই কয় যে তেওঁ খেলিবলৈ এৰি দিয়াৰ মূল কাৰণ হৈছে তেওঁৰ ওপৰত চলোৱা মানসিক নিৰ্যাতন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলি কেইটাত পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰা খেলুৱৈগৰাকীক মানসিক হেঁচা প্ৰয়োগ কৰি দলৰ পৰা বহিষ্কাৰ কৰা বুলিও অভিযোগ কৰে।

তেওঁ কয় 'মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুন্দৰ প্ৰদৰ্শন কৰাৰ সময়ত মোক দলৰ পৰা বাহিৰ কৰা হৈছিল। যিজন ব্যক্তিয়ে মোক দলৰ পৰা বাহিৰ কৰিছিল, তেওঁ ২০০৬ চনত ভাৰতীয় ক্ৰীড়া সন্থাৰ অধ্যক্ষ হিচাপে নিয়োজিত আছিল।'

আনহাতে ৰিঅ' খেলৰ পৰা ওভতাৰ পিছতো জ্বালা গুট্টাক মানসিক হেঁচা প্ৰয়োগ কৰি ৰাষ্ট্ৰীয় দলৰ পৰা বহিস্কাৰ কৰিছিল বুলিও দাবী কৰে খেলুৱৈগৰাকীয়ে।

"তেওঁ মোক অকলশৰীয়া কৰি পেলাব বিচাৰিছিল। কিন্তু যেতিয়া তেওঁ মোক মানসিক নিৰ্যাতন চলাই একো কৰিব নোৱাৰিলে, তেতিয়া মোৰ সহযোগী খেলুৱৈক তেওঁ ভাবুকি প্ৰদান কৰিবলৈ আৰম্ভ কৰে। পিছলৈ তেওঁৰ নিৰ্যাতন ইমানেই বৃদ্ধি পালে যে মই খেলিবলৈ এৰি দিবলৈ বাধ্য হ'লো।"-নিজৰ ওপৰত চলা মানসিক নিৰ্যাতনৰ কাহিনী বৰ্ণনা কৰি টুইটাৰত এনেদৰে কয় জ্বালা গুট্টাই।

অৱশ্যে নিজৰ টুইটাৰ পোষ্টত তেওঁক নির্যাতন চলোৱা ব্যক্তিগৰাকীৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে খেলুৱৈগৰাকী। ৩৫ বৰ্ষীয় জ্বলা গুট্টাই নিজৰ ওপৰত চলা নিৰ্যাতনৰ কাহিনী মুকলিকৈ প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে সকলো মহিলাক সজাগ হ'বলৈ আহ্বান জনায়।