ক্রীড়া-জগত

১০২ বছৰীয়া মন্ন কৌৰে ২০০ মিটাৰ দৌৰি জিকিলে স্বৰ্ণ

asomiyapratidin

ডিজিটেল ডেস্কঃ বয়স ১০২ বছৰ। নাম মন্ন কৌৰ। ভাৰতৰ আটাইতকৈ বয়সীয়া এথলেট তেওঁ। ২০০ মিটাৰ দৌৰৰ তেওঁ ৰাণী। স্পেইনৰ মালগাত অনুষ্ঠিত ৱৰ্ল্ড মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপত স্বৰ্ণ জয়ৰে ইতিহাস ৰচিলে এইগৰাকী মহিলাই।

ইমান বছৰ বয়সতো খেলপথাৰত নামি এইগৰাকী মহিলাই প্ৰমাণ কৰি দিলে- মন থাকিলে সকলো সম্ভৱ। এতিয়া তেওঁ বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। আগৰেই পৰা দৌৰত চখ থকা কৌৰে নিয়মিত অনুশীলন কৰে। খুৱা-বোৱাতো তেওঁ বৰ চৌখিন।

তেওঁৰ পুত্ৰ গুৰুদেৱৰ বয়স ৭৮ বছৰ। গুৰুদেৱো ভাল এথলেট। পঞ্জাৱৰ এইগৰাকী মহিলাই পলমকৈ নামিছিল ট্ৰেকত। ৯৩ বছৰ বয়সৰ পৰাই তেওঁ ৱৰ্ল্ড মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপত পদক অৰ্জন কৰি আহিছে। এতিয়া দেশৰে নহয়, বিশ্বৰ ফীটনেছৰ সমস্যাত ভোগা এথলেটসকলৰ বাবে ৰোল মডেল হৈ পৰিছে মন্ন কৌৰ।