ক্রীড়া-জগত

দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ সৈতে ক্ৰিকেটাৰ মনীষ পাণ্ডেৰ বিয়া…

asomiyapratidin

ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ সুদৰ্শন খেলুৱৈ মনীষ পাণ্ডে অচিৰেই আৰম্ভ কৰিব জীৱনৰ দ্বিতীয় ইনিংছ। এগৰাকী সুন্দৰী অভিনেত্ৰীৰ সৈতে বিবাহপাশত হব মনীষ পাণ্ডে। বৰ্তমান কৰ্ণাটকৰ বিজয় হাজাৰে কাপত ব্যস্ত থকা খেলুৱৈগৰাকীৰ চলিত বৰ্ষৰে ২ ডিচেম্বৰত বিয়া।

৩০ বছৰীয়া সুদৰ্শন তথা প্ৰতিভাৱান খেলুৱৈ গৰাকীৰ কইনা হৈছে দক্ষিণ ভাৰতৰ চিনেমাজগতৰ এগৰাকী অভিনেত্ৰী। মোহময়ী এই অভিনেত্ৰীগৰাকীৰ নাম হৈছে অশ্ৰিতা চেট্টী(Ashrita Shetty)। বিগত কেইবাবছৰ ধৰি দুয়োৰে মাজত থকা প্ৰেম্ৰ সম্পৰ্কৰ পাচত এই সিদ্ধান্ত গ্ৰহণ কৰিছে মণীষ-অশ্ৰিতাই।

উল্লেখ্য যে, ২৬ বছৰীয়া অশ্ৰিতা দক্ষিণ ভাৰতৰ ছবিজগতৰ এখন চিনাকী মুখ। দক্ষিণৰ কেইবাখনো ছুপাৰহিট ছবি Indrajith, Oru Kanniyum Moonu Kalavaanikalum আৰু Udhayam NH4 ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অশ্ৰিতাই। অচিৰেই পৰিচালক R. Panneerselvam ৰ এখন বিগ বাজেটৰ ছবিতো দেখা যাব অশ্ৰিতাক।