বিনা অনুমতিত বিদেশলৈ গৈ বিপদত মেছিঃ সন্মুখীন হৈছে গুৰুতৰ শাস্তিৰ...
বিনা অনুমতিত বিদেশলৈ গৈ বিপদত মেছিঃ সন্মুখীন হৈছে গুৰুতৰ শাস্তিৰ... 
ক্রীড়া-জগত

বিনা অনুমতিত বিদেশলৈ গৈ বিপদত মেছিঃ সন্মুখীন হৈছে গুৰুতৰ শাস্তিৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শাস্তিৰ সন্মুখীন হৈছে তাৰকা ফুটবলাৰ লিয়নেল মেছি। আৰ্জেণ্টিনাৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ তথা বিশ্ব ফুটবলৰ নয়নৰ মণি মেছিক এই শাস্তি বিহাৰ কাৰণ এখন দেশ ভ্ৰমণ।

হয়, মেছিয়ে এখন দেশ ভ্ৰমণ কৰাৰ বাবেই তেওঁক শাস্তি বিহা হৈছে। প্ৰকাশিত খবৰ অনুসৰি লিয়নেল মেছিয়ে বিনা অনুমতিত গৈছিল ছৌদি আৰৱলৈ। যাৰ বাবে তেওঁ এতিয়া নিজা ক্লাব পি এছ জিৰ ৰোষত পৰিছে।

পি এছ জি কৰ্তৃপক্ষৰ অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰা মেছিক দুসপ্তাহৰ বাবে নিলম্বন কৰা হৈছে। উল্লেখ্য যে, চলিত ছিজন সমাপ্তিৰ পাছতে মেছিয়া ত্যাগ কৰিব পি এছ জি।

তেওঁ পুনৰ বাৰ্চিলোনালৈ প্ৰত্যাৱৰ্তন কৰিব বুলিও চৰ্চা চলিছে। যদি সেয়াই হয় তেন্তে সেয়া হ’ব ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি অহাৰ দৰেই। সমান্তৰালকৈ চৰ্চা চলিছে মেছিয়ে হয়তো ৰ’নাল্ডোৰ দৰেই ছৌদি আৰৱৰ কোনো ক্লাবত যোগদান কৰিব পাৰে।

এক ফৰাচী সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মেছিয়ে আগন্তুক দুটা সপ্তাহত পি এছ জিৰ হৈ পৰৱৰ্তী দুখন লীগ মেচত খেলিব নোৱাৰাৰ লগতে অনুশীলনতো অংশগ্ৰহণ কৰিব নোৱাৰিব। ইয়াৰোপৰি তেওঁৰ মুঠ দৰমহাৰ পৰা এই দুটা সপ্তাহৰ দৰমহাও কৰ্তন কৰা হ’ব।

যদি সকলো ঠিকেই থাকে তেন্তে মেছিক পুনৰ ২১ মে’ত হে খেল পথাৰত দেখা যাব। ইফালে প্ৰকাশিত আন এক খবৰ অনুসৰি লিয়নেল মেছি ছৌদি আৰৱৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ।

সেয়েহে তেওঁ বিজ্ঞাপন সম্পৰ্কীয় কামৰ বাবে ৰিয়াধত উপস্থিত হৈছিলগৈ। সোমবাৰে ছ'চিয়েল মিডিয়াত মেছিৰ ৰিয়াধৰ ফটোও প্ৰকাশ পাইছিল। কিন্তু ক্লাবৰ অনুমতি অবিহনে ছৌদি আৰৱলৈ অহাটোৱেই মেছিৰ বাবে হ’ল কাল।

এই সন্দৰ্ভত পি এছ জিৰ ফালৰ পৰা কোনো মন্তব্য দিব বিচৰা নাই।অৱশ্যে, এনে পদক্ষেপ গ্ৰহণ কৰি, পি এছ জিয়ে স্পষ্ট কৰি দিছে কোনো তাৰকা খেলুৱৈ ক্লাবৰ নিয়মৰ উৰ্ধত নহয়।