ক্রীড়া-জগত

জয়ৰ কাষ চাপিও থমকিল ছানৰাইজাৰ্ছঃ ৰোমাঞ্চকৰ বিজয় কলকাতাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আই পি এলৰ এখন ৰোমাঞ্চকৰ মেচত জয়লাভ কলকাতা নাইট ৰাইডাৰ্ছৰ। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৪৭ সংখ্যক মেচখনত ঘৰুৱা দল ছানৰাইজাৰ্ছ হায়দৰাবাদক ৫ৰানৰ ব্যৱধানত কলকাতা নাইট ৰাইডাৰ্ছে পৰাস্ত কৰে।

প্ৰথমে টছত জয়ী হৈ কলকাতাই বেট ধৰি ঘৰুৱা দলটোক ১৭২ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত হায়দৰাবাদে ৮ উইকেটত ১৬৬ ৰান কৰি পৰাজয়বৰণ কৰে।

উল্লেখ্য যে ঘৰুৱা দলটোৱে শেষৰ অ'ভাৰত বৰুণ চক্ৰৱৰ্তীৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি জয়ৰ কাষ চাপিও থমকি ৰয়।