ক্রীড়া-জগত

ভাৰত-পাকিস্তানৰ মেচ সদায়ে ৰোমাঞ্চকৰ হয়, মই সুখী আমি জিকিলোঃ কেডাৰ যাদৱ

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ দ্বিতীয়খন মেচত পাকিস্তানক ভাৰতে পৰাস্ত কৰে ৮ টা উইকেটত। দেশজুৰি বৰ্তমান আনন্দ-উল্লাস।

খেলখন শেষ হোৱাৰ পাছত ভাৰতীয় বলাৰ কেডাৰ যাদৱে কয় যে- 'ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচ সদায়ে বহু ৰোমাঞ্চকৰ হয়। আমি মেচখনত জয় আৰু এই জয়ক লৈ আমি বহু সুখী। ৰোহিত এজন প্ৰতিভাধাৰী বেটছমেন। তেওঁৰ খেল চাই আমি বহুতেই ভাল পাও।'