ক্রীড়া-জগত

ইটালীৰ ফুটবলাৰ পাৱল’ ৰোছীৰ দেহাৱসান…

asomiyapratidin

ডিজিটেল ডেস্কঃ ইটালীৰ জনপ্ৰিয় ফুটবলাৰ পাৱল' ৰোছী আৰু নাই। ১৯৮২ৰ ফুটবল বিশ্বকাপ জয়ী ইটালীৰ হৈ খেলা এই দিগ্বজ ফুটবলাৰগৰাকীয়ে বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। ছ'চিয়েল মিডিয়াত ৰোছীৰ পত্নী ফেডেৰিকা চেপেলিটীয়ে তেওঁৰ মৃত্যু হোৱা বুলি জনায়।

উল্লেখ্য যে, ১৯৮২চনৰ টুৰ্ণামেন্টত সৰ্বাধিক গ'ল কৰিছিল ৰোছীয়ে। মুঠ ৬টাকৈ গ'ল কৰিছিল তেওঁ। টুৰ্ণামেন্টৰ ফাইনেল মেচখনত ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত হৈছিল ব্ৰাজিল। আৰু হাতত ইটালীয়ে তুলি লৈছিল ৱ'ৰ্ল্ড কাপ।