ক্রীড়া-জগত

আই পি এলৰ মেগা নিলাম ফেব্ৰুৱাৰীতঃ দুটা ফ্ৰেঞ্চাইজিয়ে নিলামৰ পূৰ্বেই নিৰ্বাচন কৰিব পাৰিব ক্ৰিকেটাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আই পি এলৰ মেগা নিলামৰ দিন ঘোষণা কৰিলে বি চি চি আইয়ে। মঙ্গলবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ পৰিচালনা পৰিষদৰ বৈঠকত বি চি চি আইয়ে নিৰ্ধাৰণ কৰিছে মেগা ইভেণ্টখনৰ মেগা নিলামৰ দিন। সেই অনুসৰি ফেব্ৰুৱাৰী মাহৰ ১২ আৰু ১৩ তাৰিখে অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখনৰ বাবে মেগা নিলাম। এই মেগা নিলামৰ বাবে বি চি চি আইয়ে বেংগালুৰুক নিৰ্বাচন কৰিছে।

এইবাৰ মেগা নিলামত অতিৰিক্ত দুটা ফ্ৰেঞ্চাইজিয়ে অংশগ্ৰহণ কৰিব। আই পি এলত নতুনকৈ আত্মপ্ৰকাশ কৰা দুই নতুন ফ্ৰেঞ্চাইজি আহমেদাবাদ আৰু লক্ষ্ণৌৱে এই নিলামত অংশগ্ৰহণ কৰিব।নিলামৰ দুটা সপ্তাহৰ পূৰ্বে কোন কোন ক্ৰিকেটাৰক দলত অন্তৰ্ভুক্ত কৰিব সেই বিষয়ে জনাব লাগিব আই পি এল কৰ্তৃপক্ষক।

আই পি এলৰ অধ্যক্ষ ব্ৰিজেশ পেটেল মেগা নিলামৰ প্ৰসংগত কয় যে, যিহেতু আই পি এলত আহমেদাবাদ আৰু লক্ষ্ণৌ দুয়াটো ফ্ৰেঞ্চাইজিয়েই নতুন গতিকে দুয়োটা ফ্ৰেঞ্চাইজিকে মগা নিলামৰ পূ্ৰ্বেই ক্ৰিকেটাৰ বাছনি কৰাৰ সুযোগ দিয়া হৈছে।