ক্রীড়া-জগত

বাংগালুৰুৰ ৰাজকীয় প্ৰত্যাৱৰ্তন : গৃহ চহৰত থমকি ৰ'ল হায়দৰাবাদৰ অশ্বমেধ

Asomiya Pratidin

ডিজিটেল ডেস্ক : আধা ডজনতকৈও অধিক মেচত পৰাস্ত হোৱাৰ পাছত ৰাজকীয় প্ৰত্যাৱৰ্তন ঘটাইছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। বৃহস্পতিবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত এখন মেচত ঘৰুৱা দল ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৫ৰানৰ ব্যৱধানত আৰ চি বিয়ে পৰাস্ত কৰে।

পোনতে বেট ধৰি বাংগালুৰুৱে বিৰাট কোহলি আৰু ৰজত পাটিদাৰৰ অৰ্ধশতকৰ সহায়ত ২০৬ৰান সংগ্ৰহ কৰে। বিগত মেচসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰতিপক্ষ হায়দৰাবাদৰ জয়ৰ বাবে এই ৰান সহজ আছিল।

কিন্তু বাংগালুৰুৰ বলাৰসকলে হায়দৰাবাদৰ বেটাৰসকলক বান্ধি ৰাখিবলৈ সক্ষম হয়। মাত্ৰ ৬৯ ৰানতে ৫টা উইকেটৰ পতন ঘটি শ'লঠেকত পৰে হায়দৰাবাদ। অৱশ্যে ইয়াৰ পাছত শ্বানবাজ আৰু অধিনায়ক পেট কামিন্সে দলৰ স্ক'ৰ কিছুদূৰ আগুৱাই নিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল।

শ্বানবাজে অপঃ ৪০ আৰু কামিন্সে ৩১ ৰান সংগ্ৰহ কৰে। বাংগালুৰুৰ নিয়ন্ত্ৰিত বলিঙত তিষ্ঠিব নোৱাৰি ঘৰুৱা দলটোৱে ১৭১ ৰানত ইনিংছ সামৰি পৰাজয়বৰণ কৰে। আৰ চি বিৰ স্বপ্নীল সিং, কৰ্ণ শৰ্মা আৰু কেমেৰুণ গ্ৰীণে ২টাকৈ উইকেট লাভ কৰে। কাৰ্যতঃ গৃহ চহৰত থমকি ৰ'ল হায়দৰাবাদৰ অশ্বমেধ ঘোঁৰা।