ট্ৰেণ্ডিঙত বয়সৰ ওচৰত হাৰ নমনা ধোনিৰ ভিডিঅ'...
ট্ৰেণ্ডিঙত বয়সৰ ওচৰত হাৰ নমনা ধোনিৰ ভিডিঅ'... 
ক্রীড়া-জগত

ট্ৰেণ্ডিঙত বয়সৰ ওচৰত হাৰ নমনা ধোনিৰ ভিডিঅ'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কোনে কয় বয়সৰ ওচৰত সকলোৱে হাৰ মানে? কিছুমান দৃঢ় মনৰ গৰাকীয়ে বয়সকো প্ৰত্যাহ্বান জনাব পাৰে। ভাৰতীয় বিশ্বকাপ জয়ী ক্ৰিকেট দলৰ অধিনায়ক তথা চেন্নাই চুপাৰ কিংছৰ সদ্য প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনি, জ্যেষ্ঠ ক্ৰিকেটাৰ আজিংক্য ৰাহানেই তাৰ উদাহৰণ।

চলিত আই পি এলৰ ঠিক আগে আগে চি এছ কেৰ অধিয়ানক পদ এৰা মহেন্দ্ৰ সিং ধোনিয়ে এইবাৰ উইকেট কীপাৰ, বেটছমেন হিচাপে দায়িত্ব পালন কৰিছে। অৱশ্যে তেওঁ এতিয়াও বেটিং কৰাৰ সুযোগ পোৱা নাই।

ইতিমধ্যে খেলা দুখন মেচত দলটোৰ হৈ ধোনিয়ে কেৱল কৰিছে উইকেট কীপিং। দুহাতত গ্ল'ভছ পিন্ধি তেওঁ খেল পথাৰত প্ৰৱেশ কৰি ষ্টাম্পৰ পিছফালে থাকি অধিনায়ক ৰুতুৰাজৰ সৈতে মিলি ফিল্ড প্লেছমেণ্ট কৰা দৃশ্যই মোহিত কৰিছে সকলোকে।

আৰম্ভণিতে মহেন্দ্ৰ সিং ধোনিয়ে যিদৰে খেল পথাৰত প্ৰৱেশ কৰিছিল এতিয়াও তাৰ কোনো পৰিৱৰ্তন হোৱা নাই। বয়স বৃদ্ধি হৈছে যদিও তেওঁৰ খেলৰ ধৰণ সলনি হোৱা নাই। শৰীৰত নাই বয়স বৃদ্ধি হোৱাৰ লক্ষ্যণ।

আত্মপ্ৰকাশৰ সময়ত দীঘল চুলিৰে অনুৰাগীৰ মন জয় কৰা ধোনিয়ে এইবাৰ তেওঁৰ চুলি পুনৰ দীঘল কৰি খেল পথাৰলৈ আহিছে। এই দীঘল চুলিৰেই ধোনিয়ে খেল পথাৰত তৰুণ ক্ৰিকেটাৰকো জনাইছে প্ৰত্যাহ্বান।

মঙ্গলবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা মেচখনত ধোনিৰ উৰণ্ট কেচ এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ধোনিৰ সেই উৰণ্ট কেচৰ দৃশ্য।

মেচখনত ড্যেৰিল মিচেলৰ এটা বল গুজৰাট টাইটানছৰ বিজয় শংকৰৰ বেটত লাগি ষ্টাম্পৰ পিছফালে যায়। লগে লগে ধোনিয়ে ডাইভ কৰি শূন্যতে কেচ কৰে। মাত্ৰ ০.৬ ছেকেণ্ডৰ এই দৃশ্যই এতিয়া সকলোকে মোহিত কৰিছে।

বিশেষকৈ ধোনিয়ে এই বয়সতো এইদৰে সক্ৰিয় হৈ থকা বিষয়টো চৰ্চাৰ কাৰণ হৈ পৰিছে। ধোনিৰ এই উৰণ্ট কেচ দেখি তেওঁৰ একালৰ সতীৰ্থ তথা মিষ্টাৰ আই পি এল বুলি পৰিচিত সুৰেশ ৰাইনাই ইনষ্টাগ্ৰামত লিখিছে 'টাইগাৰ অভি জিণ্টা হ্যে'।

ইফালে একেখন মেচতে আন এগৰাকী জ্যেষ্ঠ ক্ৰিকেটাৰ আজিংক্য ৰাহানেও খেল পথাৰত ফিল্ডিং কৰাৰ সময়ত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে। আজিংক্য ৰাহানেৰ ফিল্ডিঙৰ সেই দৃশ্যও এতিয়া ভাইৰেল হৈ পৰিছে। ৰাহানেও সন্মুখৰ ফালে ডাইভ কৰি আয়ত্ব কৰা এটা কেচ চৰ্চাৰ বিষয় হৈ পৰিছে। ইৰফান পাঠানে আজিংক্য ৰাহানেক প্ৰশংসা কৰি এক্সত তেওঁৰ বিষয়ে লিখিছে।