ক্রীড়া-জগত

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমখন মেচতে ইতিহাস ৰচিলে টীম ইণ্ডিয়াৰ নৱদ্বীপে…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা প্ৰথমখন টি২০ খেলত ৪ উইকেটত বিজয় সাব্যস্ত কৰিলে টীম ইণ্ডিয়াই। প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত,সংগ্ৰহ কৰিছিল ৯৫ ৰান। ইয়াৰ বিপৰীতে ৯৫ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা টীম ইণ্ডিয়াই ১৭.০২ অভাৰতে উপনীত লক্ষ্যত হয়।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা মেচখনত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰা এগৰাকী খেলুৱৈয়ে ৰচিলে ইতিহাস। খেলুৱৈ গৰাকী হৈছে ভাৰতীয় ক্ৰিকেট দলৰ পেছ বলাৰ নৱদ্বীপ ছাইনী। নৱদ্বীপে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰথমখন খেলতে আকৰ্ষণীয় বলিং শৈলীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

শনিবাৰৰ খেলখনত নৱদ্বীপে আন্তৰাষ্ট্ৰীয় টি২০ ক্ৰিকেটত প্ৰথমখন খেলত শেষৰ অভাৰত মেডেন অভাৰ কৰিবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথম গৰাকী বলাৰ হিচাপে পৰিগণিত হৈছে। অৱশ্যে টি২০ত শেষৰ অভাৰত মেডেন কৰা বিশ্ব ক্ৰিকেটত আৰু ৩ জন খেলুৱৈ আছে যদিও প্ৰথমখন খেলতে এনে চমকপদ খেল প্ৰদৰ্শন কৰা প্ৰথমজন খেলুৱৈ হৈছে নৱদ্বীপ।

শনিবাৰৰ খেলখনত নৱদ্বীপে ৩ টা উইকেট লাভ কৰিবলৈ সক্ষম হয়। নৱদ্বীপৰ বলিঙক প্ৰশংসা কৰে ৱেষ্ট ইণ্ডিজ দলৰ অধিনায়কেও। উল্লেখ্য যে, পূৰ্বতে আই পি এলৰ মেচত নৱদ্বীপে এটা অভাৰ ১৫০ কিঃমিঃ কৈও অধিক বেগত বলিং কৰিছিল।