ক্রীড়া-জগত

ইৰাকক হৰুৱাই ইতিহাস ৰচিলে ভাৰতীয় ফুটবল দলে

asomiyapratidin

ডিজিটেল ডেস্কঃ ওমানত অনুষ্ঠিত WAFF চেম্পিয়নশ্বিপ ফুটবল প্ৰতিযোগিতাত ইতিহাস ৰচিলে ভাৰতীয় ফুটবল দলে। ৰোমান্সকৰ খেলখনত ঐতিহাসিক বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে।

ইয়াৰ আগতে কোনো ফুটবল প্ৰতিযোগিতাতে ইৰাকক পৰাস্ত কৰিব পৰা নাছিল ভাৰতীয় দলে। সোমবাৰে অনুষ্ঠিত খেলখনত ১৬ অনূৰ্ধ্বৰ চেম্পিয়ন দলটোক ভাৰতে ১-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।

খেলখনত একমাত্ৰ গ'লটো দিয়ে ভুৱনেশে। ভাৰতীয় ফুটবল দলৰ এই সফলতাই নতুন উৎসাহৰ সৃষ্টি কৰিছে ফুটবল প্ৰেমীৰ মাজত।