ক্রীড়া-জগত

আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ অন্তিমখন টি-২০

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'ব টি-২০ শৃংখলাৰ অন্তিমখন মেচ। ইতিমধ্যে শৃংখলাৰ ৩ খন খেলৰ ২ খনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা ঘৰুৱা দল ভাৰতৰ বাবে এইখন খেলে গুৰুত্ব বহন কৰিব। হোৱাইট ৱাশ্বৰ লক্ষ্যৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আজি মেচখন খেলিব টীম ইণ্ডিয়াই।

উল্লেখ্য যে চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই খেলখন। সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব খেলখন। ইফালে, টি-২০ শৃংখলাত খেলাৰ পৰা বিৰত আছে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনি। ইয়াৰ পূৰ্বৰ দুয়োখন খেল অনুষ্ঠিত হৈছিল কলকাতা আৰু লক্ষ্ণৌত।

আজিৰ খেলখনত ভূৱনেশ্বৰ কুমাৰ, খলিল আহমেদ আৰু সিদ্ধাৰ্থ কউলে মুখ্য বলাৰ হিচাবে খেলখন খেলিব। ভাৰত ভ্ৰমণৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ বাবে এইখন খেলত বিজয় সাব্যস্ত কৰাটো অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে।