ক্রীড়া-জগত

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টি-২০ত ৫ উইকেটত জয়ী টীম ইণ্ডিয়া

asomiyapratidin

ডিজিটেল ডেস্কঃ  টেষ্ট আৰু এদিনীয়াৰ পাছত টি-২০টো আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে টীম ইণ্ডিয়া। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত আজি অনুষ্ঠিত ৩খন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ৫ উইকেটৰ ব্যৱধানত জয়লাভ কৰে ঘৰুৱা দলটোৱে।

প্ৰথমে বেটিং কৰি আলহী দলটোৱে ভাৰতীয় বলাৰসকলৰ সমুখত একপ্ৰকাৰ দিশহাৰা হৈ পৰে। নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই দলটোৱে মাথো ১০৯ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক ৩টা, খলিল আহমেদ, যশপ্ৰীত বুমৰাহ, কুনাল পাণ্ডিয়াই এটাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে মাত্ৰ ১৭.৫ অভাৰত ৫টা উইকেট হেৰুৱাই ১১০ ৰানৰ বিজয় লক্ষ্যত উপনীত হয়। আৰম্ভণিতে ভাৰতীয় দলটোৱেও বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় যদিও পিছলৈ দীনেশ কাৰ্তিক আৰু কুনাল পাণ্ডিয়াই সেয়া নিয়ন্ত্ৰণলৈ আনে।

দীনেশ কাৰ্তিকে সৰ্বাধিক ৩১ ৰান আৰু কুনালে ২১ ৰান স্ক'ৰ কৰে। আনহাতে মনীষ পাণ্ডেই ১৯ আৰু লোকেশ ৰাহুলে ১৬ ৰানৰ বৰঙণি আগবঢ়ায়। মেন অব দ্য মেচৰ সন্মান লাভ কৰে কুলদীপ যাদৱে। আজিৰ এই জয়ৰে ৩খন মেচৰ শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে ভাৰতে।