ক্রীড়া-জগত

২১ অক্টোবৰত গুৱাহাটীত কোহলি-গেইল বাহিনীৰ ২২ গজৰ মহাৰণ

asomiyapratidin

ডিজিটেল ডেস্কঃ ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু ৱেষ্ট ইণ্ডিছৰ মাজত আই চি চিৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেল। বিগত আন্তৰাষ্ট্ৰীয় টি টুৱেন্টিৰ সফল আয়োজনৰ পাছত এই এদিনীয়া খেলখনক লৈও আত্মবিশ্বাসী অসম ক্ৰিকেট সন্থা।

ইতিমধ্যে খেলখনৰ বাবে ষ্টেডিয়ামৰ লগতে বাট-পথৰো মেৰামতি কাম চলি থকা বুলি সংবাদমাধ্যমক জনালে অসম ক্ৰিকেট সন্থা সম্পাদক প্ৰদীপ বুঢ়াগোহাইয়ে। এদিনীয়া খেলখনৰ বাবে অসম ক্ৰিকেট সন্থাই বৰ্ষাপাৰাত পিটছ সাজু কৰিছে।

অহা ১৬ চেপ্তেম্বৰত বিভিন্ন সা সুবিধা পৰ্যালোচনাৰ বাবে গুৱহাটীলৈ আহিব  আই চি চি ৰ এটি প্ৰতিনিধি দল । অসম ক্ৰিকেট সন্থাৰ এক সুত্ৰই জানিবলৈ দিছে অহা ৭ চেপ্তেম্বৰ পৰা এই এদিনীয়া খনৰ টিকট দৰ্শকৰ বাবে মুকলি কৰা হব ।