ক্রীড়া-জগত

টেষ্ট শৃংখলাত ইংলেণ্ডক পৰাস্ত কৰি বিজয়ী হ’ল কোহলী বাহিনী…

asomiyapratidin

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বিজয়ী হ'ল ভাৰতীয় ক্ৰিকেট দল। নৰেন্দ্ৰম মোডী ষ্টেডিয়াম, আহমেদাবাদত অনুষ্ঠিত অন্তিমখন অৰ্থাৎ চতুৰ্থখন মেচৰ তৃতীয় দিনাখনেই কোহলী বাহিনীয়ে পৰাস্ত কৰে। এই মেচৰ এক ইনিংছ আৰু ২৫ ৰানৰ বিনিময়ত বিজয়ী হয় ভাৰত।

উল্লেখ্য যে, প্রথম দিনা টেছত জয়ী হৈ ইংলেণ্ডে ইনিংছ ২০৫ৰানত সমাপ্ত কৰাৰ বিপৰীতে ৩৬৫ৰান সংগ্ৰহ কৰে ভাৰতে। ভাৰতীয় খেলুৱৈ ঋষভ পন্টে শতকীয় ইনিংছ খেলে। প্ৰতিযোগিতাখনত বিৰাট কোহলী বাহিনীটোৱে সমুখীন হ'ব কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ডৰ স'তে।