ক্রীড়া-জগত

ভাৰত বনাম ইংলেণ্ডঃ একেটা অভাৰতে ৰাহানে-গিলক আউট কৰিলে এণ্ডেৰ্ছনে…

asomiyapratidin

ডিজিটেল ডেস্কঃ চেন্নাইত চলি থকা টেষ্ট শৃংখলাৰ পঞ্চমটো দিনৰ মেচত ইংলেণ্ডৰ বলাৰ জেমছ এণ্ডেৰ্ছনে অতি ভাল খেল প্ৰদৰ্শন কৰিছে। খেলুৱৈ গৰাকীয়ে ভাৰতক বেকফুটলৈ নিয়াত বিশেষ ভূমিকা লৈছে এই মেচখনত। এণ্ডেৰ্ছনে যি ধৰণে সুবমন গিল আৰু এ ৰাহানেক ৰিভাৰ্ছ ছুইংগ বলিঙেৰে আউট কৰিছে সঁচাকৈ প্ৰশংসনীয়।

কোনেও আশা কৰা নাছিল যে, ভাৰতীয় বেটছমেন এনেদৰে ইজনৰ পাছত সিজন একেৰাহে আউট হ'ব বুলি। একেটা অভাৰতে এণ্ডেৰ্ছনে আউট কৰিলে দুয়োগৰাকী ভাৰতীয় বেটছমেনক। ৰাহানেয়ে এক ৰান কৰিবলৈও সক্ষম নহ'ল যদিও গিলে ৫০ ৰান সংগ্ৰহ কৰি উভতিল পেভেলিয়নলৈ।