ক্রীড়া-জগত

ভাৰত ইংলেণ্ডৰ মাজত চতুৰ্থ টেষ্ট : টছ জিকি প্ৰথমে বেটিং কৰিব ইংলেণ্ডে…

asomiyapratidin

ডিজিটেল ডেস্ক : অহমদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ভাৰত আৰু ইংলেণ্ডৰ চতুৰ্থখন টেষ্ট । খেল খনত ইংলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । দুয়োটা দলৰ একাদশ স্থানত কোনে অংশগ্ৰহন কৰিব তাক লৈ ব্যপক চৰ্চা হোৱা দেখা গৈছে ।

ভাৰতে যশপ্ৰিত বুমৰাহৰ ঠাইত চিৰাজক অন্তৰ্ভূক্ত কৰিছে একাদশত আনহাতে । বুমৰাহে ইতিমধ্যে ব্যক্তিগত কাৰণত চতুৰ্থ টেষ্টত অংশগ্ৰহন নকৰে । ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ টেষ্টত অংশগ্ৰহন কৰা ভাৰতীয় দলটো হ'ল বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, শুভমান গিল, চেতেশ্বৰ পূজাৰা, আজিঙ্কা ৰাহানে, ঋষভ পন্ট (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবিচন্দ্ৰন অশ্বিন, ইশান্ত শৰ্মা আৰু মহম্মদ চিৰাজ