ক্রীড়া-জগত

ভাৰত-শ্ৰীলংকাৰ এদিনীয়া আৰু টি-২০ শৃংখলাৰ সূচী প্ৰকাশ

asomiyapratidin

ভাৰত-শ্ৰীলংকাৰ এদিনীয়া আৰু টি-২০ শৃংখলাৰ সূচী প্ৰকাশ

ডিজিটেল ডেস্কঃ ১৩ জুলাইৰ পৰা আৰম্ভ হ'ব ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া আৰু টি-২০ শৃংখলা। মুঠ তিনিখন এদিনীয়া আৰু সমসংখ্যক টি-২০ মেচৰ শৃংখলাত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হ'ব তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱানক। আনহাতে দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থাকিব ৰাহুল দ্ৰাবিড়। ১৩ জুলাইত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয়খন এদিনীয়া অনুষ্ঠিত হ'ব ১৬ জুলাই আৰু ১৮ জুলাইত। আনহাতে টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ২১ জুলাইত, দ্বিতীয়খন মেচ ২৩ জুলাইত আৰু তৃতীয় তথা অন্তিমখন মেচ অনুষ্ঠিত হ'ব ২৫ জুলাইত।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে অৱশ্যে এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও শৃংখলাৰ মেচসমূহ টেলিকাষ্ট কৰাৰ দায়িত্ব লাভ কৰা ছ'নি স্পৰ্টছে টুইটাৰৰ জড়িয়তে মেচসমূহৰ সূচীৰ বিষয়ে ৰাজহুৱা কৰিছে।  

উল্লেখ্যে যে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলত অংশগ্ৰহণৰ বাবে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে ইংলেণ্ডত গৈ উপস্থিত হৈছে। টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্তখেলখনৰ পিছত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত অৱতীৰ্ণ হ'ব। এই সময়ছোৱাতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে আন এটা দলক শ্ৰীলংকাত এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে প্ৰেৰণ কৰিব। ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলত স্থান লাভ নকৰা খেলুৱৈৰ লগতে একাংশ নৱাগত তৰুণ খেলুৱৈৰে গঠিত এটা দলক শ্ৰীলংকা ভ্ৰমণলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতীয় ক্ৰিকেট নিয়্ন্ত্ৰণ ব'ৰ্ডে।