ক্রীড়া-জগত

দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ১০৭ ৰানতে থমকিল কোহলি বাহিনী

asomiyapratidin

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ মাটিত কেৱল বিফলতা বুটলিছে ভাৰতীয় বেট্ছমেনে। দ্বিতীয় টেষ্টত ৩৫.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৭ ৰানহে সংগ্ৰহ কৰে ভাৰতীয় দলে।

ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত প্ৰথমে বেটিং কৰি ২০ ৰানতে তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল ভাৰত। বৰষুণে বাধা দিয়া খেলখনত ভাৰতীয় বেটছমেনে ইংলেণ্ডৰ বলাৰৰ আক্ৰমণত ধাৰাসায়ী হয়।

প্ৰথম ইনিংছত ভাৰতৰ হৈ ৰবিচন্দনে সৰ্বাধিক ২৯ ৰান কৰে। কেপ্টেইন বিৰাট কোহলিয়ে এই ইনিংছত ২৩ ৰান সংগ্ৰহ কৰে যদিও বাকী সকলো বেটছমেন ব্যৰ্থ হয়। ইংলেণ্ডৰ হৈ জেম্ছ এণ্ডাৰছনে ২০ ৰান দি ৫টা উইকেট দখল কৰে।