ক্রীড়া-জগত

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত প্ৰথম দিনা ভাৰতৰ ৬ উইকেটত ৩০৭ৰান সংগ্ৰহ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয়খন টেষ্ট আজি আৰম্ভ হৈছে। দুই দলৰ মাজত অনুষ্ঠিত হ'বলগীয়া ৫খনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট অনুষ্ঠিত হৈছে নাটিংহামৰ ত্ৰেট ব্ৰীজ খেলপথাৰত।

টছত হাৰি প্ৰথম বেটিং কৰা ভাৰতীয় দলে প্ৰথমদিনা ৬ উইকেটৰ বিনিময়ত ৮৭ অভাৰত ৩০৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতীয় দলৰ হৈ ক্ৰিজলৈ অহা শিখৰ ধাৱানে ৩৫ আৰু লোকেশ ৰাহুলে ২৩ ৰান কৰি আউট হয়।

কেপ্টেইন বিৰাট কোহলিয়ে দীৰ্ঘদিনৰ বিফলতাৰ পাছত আজি শতক ৰান অৰ্জন কৰাৰ সুযোগ লাভ কৰিছিল যদিও ৩ ৰানৰ বাবে শতক কৰাত বিফল হয়। কোহলিয়ে ৯৭ৰানত আউট হোৱাৰ বিপৰীতে এইচ পাণ্ডিয়া ১৮ আৰু আজিংকে ৰাহানেয়ে ৮১ৰান সংগ্ৰহ কৰে।