ক্রীড়া-জগত

বিৰাট কোহলীক কি গোপন কথা ক’লে ভাৰতীয় অফ স্পিনাৰ অশ্চিনে…

asomiyapratidin

ডিজিটেল ডেস্ক : ভাৰতীয় অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত মেন অফ দা মেচ লাভ কৰে । দ্বিতীয় টেষ্ঠ খনত অশ্বিনে বলিং নহয় বেটিঙতো বিভিন্ন ভাৰ প্ৰদৰ্শন অব্যাহত ৰাখে। ভাৰতীয় ক্ৰিকেট অধিনায়ক বিৰাট কোহলীয়ে আৰ অশ্বিনৰ সৈতে এক বাৰ্তালাপত মিলিত হয় । য'ত অশ্বিনে তেওঁৰ অলৰাউণ্ডাৰ প্ৰদৰ্শনৰ বিষয়ে কেইবাটাও কথা উল্লেখ কৰে ৷ তেওঁ কয় যে লকডাউনৰ সময়ত কোভিডে কেনেদৰে তেওঁৰ দক্ষতাৰ বৃদ্ধিৰ কাম কৰিছিল।

অশ্বিনে কৈছিল, গোটেই মহামাৰীৰ সময়ত হোৱা ঘটনাবোৰ সকলো বন্ধ আছিল, মই ভাবি আছিলো কি ঘটিছে? ভাবিচিলো খেল যদি মোৰ পৰা আতৰি যায় তেন্তে মই সম্পূৰ্ণৰূপে হেৰাই যাম। আনকি যেতিয়া মই খেলৰ আন ফৰ্মেটত খেলি নাথাকোঁ, মই টিভিত পুৰনি খেল বোৰ চাই থাকো । বিচিচিআইৰ ৱেবছাইটত পোষ্ট কৰা ভিডিঅ'ত বিৰাট কোহলীয়ে সোধা প্ৰশ্নৰ ওপৰত অশ্বিনে এনেদৰে কয়।

অশ্বিনে কয়, "মই ভাবিছিলো এতিয়া খেলত একো বাকী নাই, মই নিজৰ ফালে চাই আছিলো আৰু মই মানুহৰ পৰা কেনেকৈ শিকিব পাৰো তাৰ চিন্তা কৰিছিলো । এইবাৰ যেতিয়া মই অষ্ট্ৰেলিয়ালৈ গৈছিলো, তেতিয়া নিজকে প্ৰমাণ কৰাৰ বিষয়ে ভাবিছিলো যে মই কি কৰিবলৈ সক্ষম।"