ক্রীড়া-জগত

ধোনীৰ চহৰত জ' ৰুটৰ দায়িত্বশীল শতক : অভিষেক মেচত আকাশদীপৰ ৩টা উইকেট

Asomiya Pratidin

ডিজিটেল ডেস্ক : কেপ্তেইন কুল তথা প্ৰাক্তন ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিঙ ধোনীৰ চহৰত আজিৰে পৰা আৰম্ভ হৈছে শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ। আলহী দল ইংলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিত ভাৰতে খেলি আছে ৫খনীয়া টেষ্ট শৃংখলা।

উক্ত শৃংখলাৰ চতুৰ্থখন মেচ শুকুৰবাৰৰ পৰা ৰাঁচী চহৰত অনুষ্ঠিত হৈছে। এই মেচখনৰ দ্বাৰা ভাৰতীয় দলৰ হৈ আন্তৰ্জাতিক টেষ্টত অভিষেক ঘটে বিহাৰত জন্মগ্ৰহণ কৰা তথা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু বেংগলৰ ক্ৰিকেটাৰ আকাশদীপৰ। অভিষেক মেচতে তেওঁ দাঙি ধৰে উন্নতমানৰ প্ৰদৰ্শন। তেওঁৰ বিস্ময় বলিঙত হতবাক ইংৰাজ বেটাৰ।

দলৰ হৈ ইনিংছ মুকলি কৰা জাক ক্ৰাউলিক মাত্ৰ ৪২ ৰানতে পেভলিয়নৰ বাট দেখুৱাই আকাশে। ইয়াৰ পাছত আনগৰাকী অ'পেনিং বেটাৰ বেন ডুকেটক ১১ৰানত বিদায় দিয়াৰ লগতে পৰৱৰ্তী সময়ত দ্বিতীয় উইকেটত ক্ৰিজত নমা অ'লি পেপ'ক শূন্য ৰানতে এল বি ডব্লিঅ' কৰি পেভিলিয়নৰ বাট দেখুৱাই, প্ৰথমদিনা আকাশে লাভ কৰে ৩টা উইকেট।

অৱশ্যে টচত জয়ী হৈ আলহী দলটোৱে প্ৰথমে বেট ধৰি প্ৰথমদিনাৰ অন্তত সন্তোষজনক স্ক'ৰ সংগ্ৰহ কৰে। কিয়নো বাকীসকল বেটাৰ ব্যৰ্থ হ'লেও অভিজ্ঞ তাৰকা বেটাৰ জ' ৰুটে দায়িত্বশীল বেটিং কৰি দলৰ সন্তোষজনক ভেটি গঢ়ে।

ৰুটে ২২৬ বলৰ মুখামুখি হৈ অপৰাজিত ১০৬ ৰান কৰে। জনী ৱেয়াৰ্ষ্টই কৰে ৩৮ ৰান। প্ৰথম দিনাৰ অন্তত আলহী দল ইংলেণ্ডে ৭ উইকেটৰ বিনিময়ত ৩০২ ৰান সংগ্ৰহ কৰে। সম্প্ৰতি জ' ৰুটৰ সৈতে ৩১ ৰান কৰি ক্ৰিজত আছে অ'লি ৰবীনশ্বন।

ইফালে ঘৰুৱা দল ভাৰতৰ হৈ মহম্মদ ছিৰাজে ২, অশ্বিন আৰু জাডেজাই ১টাকৈ উইকেট দখল কৰে। এই মেচত ইংলেণ্ডৰ বিপক্ষে ৰবিশ্বন্দ্ৰন অশ্বিনে ১০০ টেষ্ট উইকেটত দখলৰ কৰাৰ নজিৰ স্থাপন কৰে। এই শৃংখলাত ২-১ৰ ব্যৱধানত ঘৰুৱা দলটোৱে অগ্ৰগতি লাভ কৰিছে।