ক্রীড়া-জগত

দেওবাৰে ভাৰত-বাংলাদেশৰ ১৯ অনুৰ্ধৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপ ক্ৰিকেটৰ ডূড়ান্ত খেল। বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া খেলখনক লৈ ভাৰতীয় দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে। ছেনৱাছ পাৰ্কত অনুষ্ঠিত হ'বলগীয়া খেলখনত পঞ্চমবাৰৰ বাবে বিশ্বকাপ আজুৰি আনিবলৈ চেষ্টা কৰিব ভাৰতে। প্ৰিয়ম গাৰ্গৰ নেতৃত্বৰ দলটোৱে ইতিমধ্যে সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।

২০১৮ বৰ্ষৰ সৈতে ইতিমধ্যে ৪ বাৰৰ বাবে কাপ জয় কৰা ভাৰতক হৰুৱাবলৈ চেষ্টা কৰিব এবাৰো কাপ লাভ কৰিবলৈ সক্ষম নোহোৱা বাংলাদেশে। বাংলাদেশে কুৱাৰ্টাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক আৰু চেমি ফাইনেলত নিউজিলেণ্ডক হৰুৱাবলৈ সক্ষম হৈছে। উল্লেখ্য যে, দেওবাৰৰ খেলখন ১.৩০ বজাৰ পৰা আৰম্ভ হ'ব।