গুৱাহাটীত উপস্থিত ভাৰত, অষ্ট্ৰেলিয়ান ক্ৰিকেট দল দুটা...
গুৱাহাটীত উপস্থিত ভাৰত, অষ্ট্ৰেলিয়ান ক্ৰিকেট দল দুটা...  
ক্রীড়া-জগত

গুৱাহাটীত উপস্থিত ভাৰত, অষ্ট্ৰেলিয়ান ক্ৰিকেট দল দুটা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীত উপস্থিত হ'লহি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টি-২০ দল দুটা। মঙ্গলবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন টি-২০ৰ বাবে গুৱাহাটীত একেখন বিমানতে আহি উপস্থিত হৈছেহি দল দুটা।

বিমান বন্দৰৰ পৰা অৱশ্যে দুখনকৈ পৃথক বাছেৰে দুয়োটা দলকে হোটললৈ লৈ যোৱা হৈছে। ভাৰতীয় দলটো হোটেল ৰেডিচন ব্লু আৰু অষ্ট্ৰেলিয়ান দলটো খানাপাৰৰ ভিভাণ্টাত থাকিব।

জ্যেষ্ঠ খেলুৱৈৰ অনুপস্থিতিত সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোত বহু কেইজন তৰুণ ক্ৰিকেটাৰে খেলাৰ সুযোগ পাইছে। উল্লেখ্য যে, ৫ খন টি-২০ ৰ এই শৃংখলাত ভাৰতে ইতিমধ্যে দুখন মেচত জয় লাভ কৰিছে।

মঙ্গলবাৰৰ মেচখন হ'ব নিৰ্ণায়ক মেচ। এই মেচখনত বিজয় হ'লেই ভাৰতীয় দলটোৱে ছিৰিজ নিজৰ দখললৈ আনিব পাৰিব।

আনহাতে অষ্ট্ৰেলিয়াই ছিৰিজ নিজৰ দখলত ৰাখিবৰ বাবে এই মেচখনত বিজয়ৰ বাবে মৰণপন যুঁজ দিব। সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'বলগীয়া মেচখনৰ বাবে ৩ ঘণ্টা আগৰে পৰা ষ্টেডিয়ামৰ প্ৰৱেশ দুৱাৰ মুকলি কৰি দিয়া হ'ব। ষ্টেডিয়ামত দৰ্শকৰ মনোৰঞ্জনৰ বাবে থাকিব ডিজে, লেজাৰ লাইট আৰু আতচবাজীৰ ব্যৱস্থা।