ক্রীড়া-জগত

বিজেপিত যোগ দিব ধোনীয়ে!

asomiyapratidin

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ পাছত মহেন্দ্ৰ সিং ধোনীয়ে ৰাজনীতিত আৰম্ভ কৰিব নতুন কেৰিয়াৰ। পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ নেতা সঞ্জয় পাছৱানে এই দাবী কৰিছে। বিজেপি নেতাগৰাকীৰ মতে, ক্ৰিকেটক বিদায় দি ভাৰতীয় জনতা পাৰ্টীত যোগ দিব ধোনীয়ে।

ধোনী সন্দৰ্ভত পাছৱানে কয়, 'এই বিষয়ে দীৰ্ঘদিন ধৰি ধোনীৰ সৈতে কথা বতৰা চলি আছে। ক্ৰিকেটক বিদায় দিয়াৰ পিছতে ধোনীয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।' ধোনীক তেওঁৰ অন্তৰংগ বন্ধু আখ্যা দি পাছৱানে ধোনীক বিজেপিলৈ আনিবলৈ আলোচনাত বহাৰ কথা জানিবলৈ দিয়াৰ লগতে অমিত শ্বাহৰ সৈতেওঁ তেওঁৰ সাক্ষাৎ হোৱা বুলি কয়। বিজেপিৰ সম্পৰ্ক যাত্ৰাৰ সময়ত অমিত শ্বাহে ধোনীক সাক্ষাৎ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।

ইফালে, বিশ্বকাপৰ পাছতেই মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ ল'ব বুলি খবৰ ওলাইছিল যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে। ইফালে, ঝাৰখণ্ডৰ কোনো বিজেপি নেতাই এই খবৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

ৰাজ্যখনৰ এজন জ্যেষ্ঠ নেতাই অনানুষ্ঠানিকভাৱে কয়, 'ধোনীৰ সৈতে বিজেপিৰ বহু জ্যেষ্ঠ নেতাৰ ব্যক্তিগত সম্পৰ্ক আছে। সেয়েহে তেওঁ যদি ক্ৰিকেট এৰাৰ পিছত বিজেপিত যোগ দিয়ে, তেন্তে সেয়া ডাঙৰ কথা নহয়।' লগতে তেওঁ কয়- কোনো ক্ৰিকেট খেলুৱৈয়ে বিজেপিত যোগ দান কৰাৰ ঘটনা এয়াই প্ৰথম নহ'ব।

ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ পূৰ্বে গৌতম গম্ভীৰে বিজেপিত যোগ দি পূৱ দিল্লী লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈছে। কংগ্ৰেছতো পূৰ্ব ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধি, চেতন চৌহান, কিৰ্তী আজাদে খেল এৰিয়ে যোগদান কৰিছিল। কিন্তু ধোনী সন্দৰ্ভত প্ৰকাশিত এই খবৰ কিমান সঁচা হয়, সেয়া ভৱিষ্যতেহে গম পোৱা যাব।