ক্রীড়া-জগত

২০২২ৰ ৪ মাৰ্চৰ পৰা মহিলা ক্ৰিকেট বিশ্বকাপ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহিলা ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত আইচিচিৰ গুৰুত্বপূৰ্ণ ঘোষণা। ২০২২ৰ ৪ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ খেলা হ'ব এই মহিলা টুৰ্ণামেন্ট। নিউজিলেণ্ডত অনুষ্ঠিত হ'ব মহিলা ক্ৰিকেট বিশ্বকাপ। উল্লেখ্য যে, পূৰ্বে এই মহিলা বিশ্বকাপ ২০২১চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত খেলাৰ কথা আছিল যদিও কোৰোনা সৃষ্ট পৰিৱেশৰ বাবে এবছৰ পিচুৱাই দিয়া হয়।

এই টুৰ্ণামেন্টৰ ভাৰতৰ মহিলা ক্ৰিকেট দলে ৬ মাৰ্চত মেচ খেলিব। অৱশ্যে ভাৰতৰ বিৰুদ্ধে কোনে খেলিব সেয়া কোৱালিফায়াৰ মেচৰ পাছতহে জানিব পৰা যাব। কোৰোনা ভাইৰাছ সৃষ্টি পৰিৱেশৰ বাবে ক্ৰীড়া ক্ষেত্ৰতো বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে।