ক্রীড়া-জগত

মুম্বাই vs ৰাজস্থানঃ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ বাবে সাজু ৰোহিত বাহিনী…

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে আইপিএলত মুম্বাই ইণ্ডিয়ানৰ বিৰুদ্ধে খেলপথাৰত জয়ী হ'বলৈ যুঁজ দিব ৰাজস্থান ৰয়েলছে। টছত জয়ী হৈ মুম্বাইয়ে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, আইপিএলৰ এইখন ২০ সংখ্যক মেচ। প্ৰথমে বেটিং কৰি ২০ অভাৰত এক বৃহৎ টাৰ্গেট ৰাজস্থানৰ সন্মুখত বান্ধি দিবলৈ সাজু হৈছে। ইফালে, মুম্বাইক পৰাস্ত কৰি জয়ী হ'বলৈ বলিং কৰিবলৈ সাজু হৈছে ৰাজস্থান ৰয়েলছ।

উল্লেখ্য যে, মুম্বাই ইণ্ডিয়ানছৰ দলটোত থকা ক্ৰিকেটাৰ কেইগৰাকী ক্ৰমে- ৰোহিত শৰ্মা, কুইটন ডি ক'ক, সূৰ্যকুমাৰ যাদৱ, ইষাণ কিষাণ, হাৰ্দিক পাণ্ডেয়া, কেইৰণ পলাৰ্ড, ক্ৰুনাল পাণ্ডেয়া, জেমছ পেটিনছন, ৰাহুল চাহাৰ, ট্ৰেন্ট বল্ট আৰু  যশপ্ৰীত বুমৰাহ।

আনহাতে, ৰাজস্থান ৰয়েলছত থকা ক্ৰিকেটাৰ কেইগৰাকী ক্ৰমে- জছ বাটলাৰ, ষ্টিভ স্মিথ, সঞ্জু ছেমছন, ৱাই জেইছৱাল, মহিপাল লমৰৰ, কাৰ্তিক ত্যাগী, ৰাহুল টেৱাটিয়া, জোফ্ৰা আৰ্চেৰ, টম কুৰান, শ্ৰেয়াছ গোপাল আৰু অংকিত ৰাজপুত।