ক্রীড়া-জগত

বিশ্ব অভিলেখেৰে কুৱেইটত পুনৰ শ্বুটিঙত স্বৰ্ণ পদক হৃদয়ৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ পুনৰ উজলি উঠিছে অসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকা। কুৱেইটত অনুষ্ঠিত ১১সংখ্যক এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত হৃদয়ে বিশ্ব অভিলেখসহ মিক্সড ডাবলছ ইভেণ্টত জয় কৰে স্বৰ্ণ পদক।

অসম সন্তানগৰাকীয়ে ডাবলছৰ সংগী ইলাভেনিল ডালৰিভানৰ সৈতে ইভেণ্টটোত ৫০২ পইণ্ট সংগ্ৰহৰ জৰিয়তে এই অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাখনৰ দলীয় শাখাতো ৰূপৰ পদক অৰ্জন কৰে হৃদয়ে।

উল্লেখ্য যে, দিনদিয়েক পূৰ্বে কোৰিয়াত অনুষ্ঠিত আন্তঃৰ্জাতিক শ্বুটিঙত স্বৰ্ণ পদক জয়েৰে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল লখিমপুৰৰ হৃদয়ে। সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰ কুৱেইটতো উজলি উঠা হৃদয়ক অভিনন্দন জ্ঞাপন কৰিছে ক্ৰীড়াপ্ৰেমীসকলে।