ক্রীড়া-জগত

এছিয়ান গেমছত পদক লোৱা হাতেৰে গ্ৰাহকক চাহ দিয়াত ব্যস্ত হৰিষ

asomiyapratidin

ডিজিটেল ডেস্কঃ  সদ্য সমাপ্ত এছিয়ান গেমছৰ পাছতে বিশেষভাৱে চৰ্চালৈ আহিছে এজন খেলুৱৈ। এছিয়ান গেমছত ছেপাক টাক্ৰ'ত  ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈজনৰ নাম হৰিষ কুমাৰ। পিছে এইবাৰ নিজৰ ক্ৰীড়া প্ৰদৰ্শনেৰে নহয়, কৰ্মৰে সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে এইজন ভাৰতীয় খেলুৱৈ।

দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা হৰিষে দিল্লীৰ 'মঞ্জো কা তিল্লা' নামৰ এখন দোকানত চাহ বিক্ৰী কৰে। হৰিষৰ পিতৃ পেচাত এজন অটো চালক। বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুশীলন কৰে হৰিষে। বাকীখিনি সময়ত চাহ বিক্ৰী কৰে এই খেলুৱৈগৰাকীয়ে। তেওঁৰ ইচ্ছা এজন ভাল মানুহ হোৱা।

পৰিয়াল পোহ-পাল দিব পৰা এটা চাকৰি যোগাৰ কৰাটো তেওঁৰ সপোন। 'আমাৰ পৰিয়ালত সদস্যৰ সংখ্যা বহুত, কিন্তু উপাৰ্জনৰ পথ একেবাৰে কম। প্রতিদিনে অনুশীলনৰ পূৰ্বে দেউতাক দোকানৰ কামত সহায় কৰি দিওঁ।'– কামৰ সৰু-বৰ নাই বুলি উল্লেখ কৰি হৰিষে কয়।

২০১১ চনত ক্ৰীড়াজগতত ভৰি দিয়া হৰিষ এতিয়া বহুজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস। উল্লেখ্য যে, হৰিষক খেলাৰ ক্ষেত্ৰত তেওঁৰ প্ৰশিক্ষক হেমৰাজে অত্যন্ত সহায় কৰিছে। দেশখনক কিবা এটা দিয়াৰ দুৰ্বাৰ হেঁপাহ হৰিষৰ।

ইফালে, হৰিষক লৈ গৌৰৱান্বিত মাতৃ। পূৰ্বে সময়মতে ঘৰভাৰা দিবলৈ অসমৰ্থ হৰিষৰ পৰিয়াললৈ এতিয়া পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তন আনিছে হৰিষৰ ক্ৰীড়া প্ৰতিভাই।