ক্রীড়া-জগত

টি-২০ বিশ্বকাপ ২০২৪ঃ হাৰ্দিকৰ আশা ক্ষীণ, কপাল ফুঁলিব পাৰে ৰিয়ানৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সকলো ঠিকে-ঠাকে থাকিলে ১মে’ৰ পূৰ্বেই অসমবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা সেই ভাল খবৰটো হয়তো পাব পাৰে। অসমৰ ৰিয়ান পৰাগে হয়তো স্থান পাব পাৰে টীম ইণ্ডিয়াত। কিয়নো ১মে’ৰ পূৰ্বেই ঘোষণা কৰিব টি-২০বিশ্বকাপৰ ভাৰতীয় দলটোৰ সদস্যৰ তালিকা। আৰু এই তালিকাতে বৰ্তমান ফুল ফৰ্মত থকা অসমৰ ৰিয়ান পৰাগেও লাভ কৰিব পাৰে সদস্যতা।

দেশৰ আগশাৰীৰ ক্ৰীড়া বাতৰি পৰিৱেশক সংস্থা স্পৰ্টছকেডাই প্ৰকাশ কৰা বাতৰি অনুসৰি এইবাৰ টীম ইণ্ডিয়াত স্থান লাভৰ পূৰ্ণ সম্ভাৱনা আছে ৰিয়ানৰ। শেহতীয়াকৈ আই পি এলত ৰিয়ানৰ প্ৰদৰ্শনক লৈও নিৰ্বাচক সমিতিৰ তীক্ষ্ন দৃষ্টি আছে ৰিয়ানৰ ওপৰত। সংস্থাটোৱে দাবী কৰিছে যে-  The selectors have their eyes on Riyan Parag for the T20 World Cup 2024.

ইফালে টি-২০বিশ্বকাপৰ টীম ইণ্ডিয়াৰ পৰা বাদ পৰিব পাৰে হাৰ্দিক পাণ্ডিয়াৰ নাম। সংস্থাটোৱে শংকা প্ৰকাশ কৰিছে যে, যদিহে আই পি এলত নিয়মীয়াকৈ হাৰ্দিকে বলিং নকৰে তেন্তে অলৰাউণ্ডাৰ গৰাকীয়ে এইবেলি টীম ইণ্ডিয়াৰ সদস্যতাৰ নাপাবও পাৰে। ইফালে শুভমন গিলক টি-২০বিশ্বকাপৰ টীম ইণ্ডিয়াত বেকআপ অপেনাৰ হিচাপে স্থান পাব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে স্পৰ্টছকেডাই।