ক্রীড়া-জগত

বেলশৰত ২৩ তম ৰাষ্ট্ৰীয় পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ সহযোগত আৰু বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ আমন্ত্ৰণত অহা ১৫, ১৬, ১৭ মাৰ্চত স্থানীয় বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ২৩তম্  ৰাষ্ট্ৰীয় পূৱ মাণ্ডলিক দিৱা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে লক্ষ্মী পাটোৱাৰীক সভাপতি, হৰিশ গোস্বামীক কাৰ্যকৰী সভাপতি, সুনীল পাটোৱাৰীক মুখ্য সম্পাদক, চন্দন হালৈক সম্পাদক, জিতুমণি হালৈ, দ্বীপজ্যোতি মেনাক যুটীয়া সম্পাদক হিচাপে লৈ প্ৰতিযোগিতা আদৰণি সমিতি খন গঠন কৰা হৈছে।

ইপিনে, সভাপতি, মুখ্য সম্পাদকে জানিবলৈ দিয়া মতে, প্ৰতিযোগিতাত অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, পশ্চিম বংগ, ঝাৰখণ্ড, বিহাৰ, ওড়িশা, নাগালেণ্ডৰ দলে অংশ লব। প্ৰতিযোগিতাখন সৰ্ব দিশতে সাফল্যমণ্ডিত কৰাৰ বাবে প্ৰতিযোগিতা আদৰণি সমিতিখনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।