ক্রীড়া-জগত

পিছৰ জনমতো মই ভাৰতৰ হৈয়ে ক্ৰিকেট খেলিমঃ অৱসৰ ঘোষণা গম্ভীৰৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ সকলো শ্ৰেণীৰ খেলৰ পৰা অৱসৰ লব ভাৰতৰ অভিজ্ঞ ক্ৰিকেটাৰ গৌতম গম্ভীৰে।  মঙলবাৰে এই ঘোষণা কৰে ক্ৰিকেটাৰ গৰাকীয়ে। অহা ৬ ডিচেম্বৰত ফিৰুজাবাদ কৌটলা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৰণজী ট্ৰফীৰ এখন খেলেৰে ক্ৰিকেট জগতৰ পৰা বিদায় লব গম্ভীৰে।

ক্ৰিকেটজগতৰ কেইবাটাও ৰেকৰ্ডৰ গৰাকী গম্ভীৰে এই খেলপথাৰৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মঙলবাৰে সংবাদমেল সম্বোধন কৰি গৌতম গম্ভীৰে আৱেগিক হৈ কয় ' মোৰ কেৰিয়াৰ আৰম্ভ কৰা এই খেলপথাৰতে মই শেষৰখন খেল খেলিব বিচাৰিছো আৰু সেইমতেই সকলো হৈছে। দীৰ্ঘসময় সময় ধৰি ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলা ক্ৰিকেটাৰগৰাকীয়ে লগতে কয় ' পিছৰ জনমতো মই ক্ৰিকেটাৰ হিচাপে জন্ম হলে ভাৰতীয় ক্ৰিকেট দলৰ হৈয়ে খেলিম।'

কেইবাখনো খেলত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপেও দায়িত্ব পালন কৰিছিল গম্ভীৰে। কেৰিয়াৰৰ ৫৮ খন টেষ্ট মেচত ৯ টা শতকেৰে ৪১৫৪ ৰাণ, ১৪৭ খন এদিনীয়াত ১১ টা শতকেৰে ৫২৩৮ ৰাণ আৰু ৩৭ খন টি ২০ খেলত সাতটা অৰ্ধশতকেৰে ৯৩২ ৰাণ সংগ্ৰহ কৰিছে গম্ভীৰে। প্ৰায় এটা দশক ধৰি খেলপথাৰত দপদপাই থকা গম্ভীৰৰ বিদায়ৰ খবৰ শুনি ছচিয়েল মিডিয়াত বহু অনুৰাগীয়ে খেলুৱৈগৰাকীক লৈ আৱেগিক পোষ্ট দিয়াও দেখা গৈছে।