ক্রীড়া-জগত

পুনৰ ক্ৰিকেট জগতত এন্ট্ৰী! হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ নতুন অধ্যক্ষ মহম্মদ আজহাৰুদ্দিন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ সৈতে পুনৰ এক দীৰ্ঘসময়ৰ পাছত জড়িত হল ভাৰতীয় ক্ৰিকেট দলৰ একালৰ অধিনায়ক মহম্মদ আজহাৰুদ্দিন। শুকুৰবাৰে আজহাৰুদ্দিনক হায়দৰাবাদ ক্ৰিকেট এছচিয়েশ্যনৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত কৰা হয়। এই পদৰ নিৰ্বাচনত আজহাৰুদ্দিনে লাভ কৰে ১৪৭ টা ভোট। তাৰপাছত তেওঁক হায়দৰাবাদ ক্ৰিকেট এছচিয়েশ্যনৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত কৰা হয়।

৫৬ বছৰীয়া আজহাৰুদ্দিনে যোৱা সপ্তাহত হায়দৰাবাদ ক্ৰিকেটএছচিয়েশ্যনত মনোনয়ন দাখিল কৰিছিল। উল্লেখ্য যে,আজহাৰুদ্দিনে ভাৰতৰ হৈ ৯৯খন টেষ্টমেচ আৰু ৩৩৪খন এদিনীয়া মেচত খেলিছে। উল্লেখ্য যে,  আজহাৰুদ্দিনৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগউত্থাপন হৈছিল। আৰু ২০০০চনত তেওঁক আজীৱনৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ নিৰ্দেশদিয়া হৈছিল।