ক্রীড়া-জগত

বিশ্বকাপৰ পাছতেই হাৰ্ডিক পাণ্ডিয়া হ'ব ভাৰতীয় দলৰ অধিনায়ক !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী। সুদীৰ্ঘ সময়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নেতৃত্বভাৰ দায়িত্ব সহকাৰে পালন কৰিছিল কেপ্তেইন কুল ধোনীয়ে। লাভ কৰিছিল ইটোৰ পাছত সিটো সফলতা। ভাৰতে ২০০৭ চনৰ টি-২০ আৰু ২০১১ৰ এদিনীয়া বিশ্বকাপৰ খিতাপ ধোনীৰ নেতৃত্বতে জয় কৰিছিল।

তাৰ পাছত অধিনায়ক হিচাপে ক্ৰমান্বয়ে দললৈ আগমন ঘটে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ। বেটিংত ঈৰ্ষণীয় সফলতা লাভ কৰিলেও অধিনায়ক হিচাপে বৰ বিশেষভাৱে সফল হোৱা নাছিল কিং কোহলি। যাৰ বাবে তেওঁ নিজেই পদত্যাগ কৰিছিল টেষ্ট অধনায়কৰ পদৰ পৰা। আনহাতে সীমিত অভাৰৰ অধিনায়কৰ পদৰ পৰাও বৰ্খাস্ত কৰা হৈছিল কোহলিক।

তাৰ পাছতে তিনিওটা সংস্কৰণৰ বাবে নিয়মিত অধিনায়ক হিচাপে আগমন ঘটে ৰোহিত শৰ্মাৰ। অৱশ্যে মাজে সময়ে বিভিন্ন শৃংখলাত হাৰ্ডিক পাণ্ডিয়া,ঋষভ পণ্ট, কে এল ৰাহুল আদিয়ে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছে। অনিয়মিত অধিনায়ক হিচাপে কেইবাবাৰো ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছে হাৰ্ডিক পাণ্ডিয়াই।

সন্মুখত এদিনীয়া বিশ্বকাপ। বিশ্বকাপত ভাৰতীয় দলক নেতৃত্ব দিব ৰোহিত শৰ্মাই। পিছে বিশ্বকাপৰ পাছতে সলনি হ'ব পাৰে ভাৰতীয় দলৰ অধিনায়ক। আগমন ঘটিব পাৰে হাৰ্ডিক পাণ্ডিয়াৰ।

তাৰ এক ইংগিত দিছে প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে। তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয় যে হাৰ্ডিক পাণ্ডিয়াৰ অধিনায়ক হ'ব পৰা যোগ্যতা আছে । আই পি এলত তেওঁ গুজৰাটক নেতৃত্ব প্ৰদান কৰি সফলতা লাভ কৰিছে।

আনহাতে মাজে সময়ে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰাৰ বাবে লাভ কৰা সুযোগৰ সদব্যৱহাৰ কৰিছে পাণ্ডিয়াই। সেয়ে অনাগত সময়ত পাণ্ডিয়াই ভাৰতীয় দলৰ অধিনায়ক হ'ব পাৰে বুলি গাভাস্কাৰে মন্তব্য কৰে।