ক্রীড়া-জগত

গোলাঘাটত জুবিন শিল্পী একাদশ আৰু দেৰগাঁও সংবাদকৰ্মী একাদশৰ মাজত প্ৰীতি ফুটবল

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ বুধবাৰে গোলাঘাটৰ ঐতিহাসিক নাহৰণিৰ চৈয়দ আব্দুল মালিক সোঁৱৰণি ক্ষেত্ৰত জুবিন গাৰ্গ শিল্পী একাদশ আৰু দেৰগাঁও সংবাদকৰ্মী একাদশৰ মাজত এখন নৈশ প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মাজগাঁও শাখা আৰু নাহৰণিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা খেলখনত পাঁচ সহস্ৰাধিক দৰ্শকৰ সমাগম ঘটে।

জুবিন গাৰ্গ শিল্পী একাদশৰ হৈ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নেতৃত্বত অভিনেতা পবিত্ৰ ৰাভা, কণ্ঠশিল্পী বাবু বৰুৱা, সংগীত পৰিচালক অজয় ফুকনকে ধৰি শিল্পীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে দেৰগাঁও সংবাদকৰ্মী একাদশৰ হৈ জগৎ সোণোৱাল, আব্দুল মান্নান, ছাইফুল হুছেইনকে ধৰি দেৰগাঁৱৰ সংবাদকৰ্মীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।