ক্রীড়া-জগত

বাখলগাঁও নৱোদয় ফুটবল দল চেম্পিয়ন

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ তুলুঙীয়া মিলন সংঘৰ সৌজ্যনত মিলন সংঘৰ খেলপথাৰত চলি থকা ৩৬তম প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হয়৷

চূড়ান্ত খেলত বাখলগাঁও নৱোদয় ফুটবল দলে চৈবাৰী চাহ বাগিছা ফুটবল দলক ট্ৰাইবেকাৰৰ সহায়ত ৫-৪ গলত পৰাস্ত কৰি বিজয়ৰ সন্মান লাভ কৰে৷

খেলখন নিৰ্ধাৰিত সময়ত অমীমাংসিত হৈ আছিল৷ চূড়ান্ত খেলৰ বঁটা বিতৰণী অনুষ্ঠানত প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷